• Home
  • »
  • News
  • »
  • crime
  • »
  • ৰাজ্যত সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ, নাজিৰাত চালকক হাত–ভৰি বান্ধি পেলাই থৈ লৈ গ'ল গাড়ী

ৰাজ্যত সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ, নাজিৰাত চালকক হাত–ভৰি বান্ধি পেলাই থৈ লৈ গ'ল গাড়ী

মাত্ৰ কেইদিনমান আগেয়ে লখিমপুৰত চালকক নিচাযুক্ত দ্ৰব্য খুৱাই চুৰ কৰিছিল চাৰিচকীয়া বাহন।

মাত্ৰ কেইদিনমান আগেয়ে লখিমপুৰত চালকক নিচাযুক্ত দ্ৰব্য খুৱাই চুৰ কৰিছিল চাৰিচকীয়া বাহন।

মাত্ৰ কেইদিনমান আগেয়ে লখিমপুৰত চালকক নিচাযুক্ত দ্ৰব্য খুৱাই চুৰ কৰিছিল চাৰিচকীয়া বাহন।

  • Share this:

ৰাজ্যত পুনৰ সংঘটিত হৈছে গাড়ী চুৰিৰ ঘটনা৷ অলপতে গুবাহাটীৰ পৰা লখিমপুৰলৈ ভাড়ালৈ নিয়া গাড়ী চুৰ কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাজিৰাৰ বিহুবৰত ঘটিল অনুৰূপ ঘটনা।


অপৰাধীৰ হাতৰ পৰা কোনোমতে জীৱন ৰক্ষা পৰা এজন চালকে বিৱৰি ক'লে সমগ্ৰ ঘটনা। নাহৰকটীয়াৰ পৰা ভাড়া কৰি অনা AS06-AC-8404 নম্বৰৰ এখন ব'লেৰ পিকআপ গাড়ীৰ চালকজনক মাৰাণাস্ত্ৰ দেখুৱাই প্ৰহাৰ কৰি হাত–ভৰি বান্ধি পেলাই থৈ গাড়ী লৈ উধাও হয় গাড়ী চোৰ।


অসম–নাগালেণ্ড সীমান্তৰ বিহুবৰ ঔগুৰিজানত সংঘটিত হয় এই ঘটনা। প্ৰায়  তিনি ঘন্টা সময় সীমান্তৱৰ্তী ঔগুৰিজানত হাত–ভৰি বান্ধি থোৱা অৱস্থাত পৰি আছিল গাড়ী চালকজন। অৱশেষত মৰণপণ চেষ্টাৰে কোনোমতে বান্ধি থোৱা ৰছী ছিঙি  বিহুবৰ থানাত উপস্থিত হয়হি চালকজন।


চালকজনৰ নাম চন্দন শৰ্মা বুলি জানিব পৰা গৈছে ৷ চালকজনৰ মুখেৰে সমগ্ৰ ঘটনা জনাৰ পিছত বিহুবৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰি নাগালেণ্ডৰ দিশে অভিযান আৰম্ভ কৰিছে৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি