মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Cachar News : ম’বাইলত গেম খেলাৰ বাবে ১৩ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা

Cachar News : ম’বাইলত গেম খেলাৰ বাবে ১৩ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা

অভিযোগ অনুসৰি, পান্না নাথ নামৰ কিশোৰটিক ম’বাইল গেম খেলাৰ বাবেই মৰিয়াই হত্যা কৰে প্ৰতিৱেশী এজন লোকে।

  • Share this:
কাছাৰৰ বৰখলাৰ জাৰইলতয়াত নৃশংস ঘটনা। ম’বাইল গেম খেলাৰ অপৰাধতে এজন ১৩ বছৰীয়া কিশোৰক মৰিয়াই হত্যা কৰাৰ অভিযোগ। অভিযোগ অনুসৰি, পান্না নাথ নামৰ কিশোৰটিক ম’বাইল গেম খেলাৰ বাবেই মৰিয়াই হত্যা কৰে প্ৰতিৱেশী এজন লোকে।

কিশোৰজনৰ পিতৃয়ে জনায়, সোমবাৰে তেওঁৰ ১৩ বছৰীয়া কিশোৰ পান্না নাথে ওচৰৰে এটা খালী ঘৰত বহি দীপক নাথৰ ম’বাইলটো লৈ গেম খেলিছিল। তাৰ বাবেই দীপক নাথে পান্নাক খেদি খেদি এখন পথাৰত প্ৰহাৰ কৰে আৰু অচেতন অৱস্থাত পেলাই থৈ আহে।

কিছু সময় পিছত পান্না নাথৰ মাতৃয়ে ঘটনাস্থলীৰ পৰা পান্নাক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বৰখলা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। চিকিৎসকে অৱস্থা সংকটজনক দেখি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰজনক। ঘটনা সন্দৰ্ভত বৰখলা থানাত এখন এজাহাৰ দাখিল কৰিছে পান্নাৰ পিতৃ মনমোহন নাথে।

শেহতীয়া বাতৰি