• Home
  • »
  • News
  • »
  • crime
  • »
  • Businessman Attacked : বিজয়নগৰত দিন দুপৰতেই গুলীয়াই হত্যাৰ চেষ্টা ব্যৱসায়ীক, কথমপি ৰক্ষা অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাৰ

Businessman Attacked : বিজয়নগৰত দিন দুপৰতেই গুলীয়াই হত্যাৰ চেষ্টা ব্যৱসায়ীক, কথমপি ৰক্ষা অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাৰ

দক্ষিণ কামৰূপৰ বিজয়নগৰত দিন দুপৰতেই  অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাক গুলিয়াই হত্যাৰ চেষ্টা চলালে দুই দুৰ্বৃত্তই।

দক্ষিণ কামৰূপৰ বিজয়নগৰত দিন দুপৰতেই  অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাক গুলিয়াই হত্যাৰ চেষ্টা চলালে দুই দুৰ্বৃত্তই।

দক্ষিণ কামৰূপৰ বিজয়নগৰত দিন দুপৰতেই  অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাক গুলিয়াই হত্যাৰ চেষ্টা চলালে দুই দুৰ্বৃত্তই।

  • Share this:
ৰাজ্যত অপৰাধমূলক কামৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই যেন দৌৰাত্ম্য বাঢ়িছে অপৰাধৰ। আজি দক্ষিণ কামৰূপ (South Kamrup)ৰ বাণিজ্যৰ কেন্দ্ৰস্বৰূপ বিজয়নগৰ Bijaynagar)ত দিন দুপৰতেই ব্যৱসায়ী এজনক গুলীয়াই হত্যাৰ চেষ্টা কৰা ঘটনাই ভবাই তুলিছে বিজয়নগৰবাসীক।

দেওবাৰে দুপৰীয়া অসম ষ্টোৰ নামৰ দোকানখনত নম্বৰ প্লেট বিহীন পালছাৰ মটৰ চাইকেলেৰে অহা দুটা দুৰ্বৃত্তই হেলমেট পিন্ধি দোকানত প্ৰৱেশ কৰি অতৰ্কিতে মালিক পৱন কুমাৰ আগৰৱাল (Pawan Kumar Agarwala)ক আক্ৰমণ কৰিবলৈ ধৰে। বহাৰ পৰা উঠাই আনি পিষ্টল দেখুৱাই গুলীওৱাৰ ভাবুকি দিয়ে। কিন্তু পৱন কুমাৰ আগৰৱালাই অতি সাহসেৰে পিষ্টলটো হাতেৰে খামুচি ধৰি আত্মৰক্ষাৰ চেষ্টা চলাই চিঞৰ বাখৰ কৰাত দুই দুৰ্বৃত্তই হেমলমেটেৰেই আক্ৰমণ কৰিবলৈ ধৰে।

চিঞৰ বাখৰ শুনাৰ লগে লগেই ওচৰৰ লোক আহি ভিৰ কৰাত মটৰ চাইকেলখন এৰি দুয়ো বিজয়নগৰৰ মাজ মজিয়াৰ পৰাই মুহুৰ্তৰ ভিতৰতেই পলায়ন কৰে। দুয়ো লগত লৈ অনা এটা বেগো পেলাই থৈ যায়। বিজয়নগৰ আৰক্ষীয়ে বেগটো উদ্ধাৰ কৰে। আধা কিলোমিটাৰ দূৰৈত থকা বিজয়নগৰ আৰক্ষীৰ চকুৰ সমুখেৰেই দুই পিষ্টলধাৰী পলাবলৈ সক্ষম হয়। পিছত আহত অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাক চিকিৎসালয়লৈ লৈ যায়।

এই ঘটনাই সমগ্ৰ দক্ষিণ কামৰূপতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু কিহৰ বাবে এইদৰে দুৰ্বৃত্তই দিন দুপৰতেই পিষ্টলেৰে ব্যৱসায়ীজনক হত্যাৰ চেষ্টা চলালে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। খবৰ পোৱাৰ লগে লগে ঘটিনাৰ বুজ ল'বলৈ উপস্থিত হয় পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াও।
Published by:Manjumoni Borah
First published: