শিলচৰত ব্যৱসায়ী অপহৰণ, মাৰণাস্ত্ৰ দেখুৱাই এদল দুষ্কৃতিকাৰীয়ে অপহৰণ কৰে ব্যৱসায়ীজনক। অপহৃত ব্যৱসায়ীজন বদৰপুৰঘাটৰ ছেলিম উদ্দিন বৰভূঞা।
শনিবাৰে সন্ধিয়া সোণাই ৰোডৰ পৰা ছেলিম উদ্দিনক অপহৰণৰ অভিযোগ। ছেলিম উদ্দিনৰ নিজৰ ৱাগনাৰ বাহনসহ অপহৰণ কৰে। মুক্তিপণ ১০ লাখ টকা দাবী অপহৰণকাৰীৰ। ছেলিম উদ্দিনৰ জ্যেষ্ঠ ভাতৃক ফোন কৰি মুক্তিপণ দাবী অপহৰণকাৰীৰ৷ ঘটনা সংক্ৰান্তত ৰাংগিৰখাৰি আৰক্ষী চকীত এজেহাৰ দাখিল ছেলিমৰ পৰিয়ালৰ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|