உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Burmese Supari: হাইলাকান্দিত জব্দ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি আৰু আগৰ কাঠ

    Burmese Supari: হাইলাকান্দিত জব্দ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি আৰু আগৰ কাঠ

    অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।

    অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।

    অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।

    • Share this:

    হাইলাকান্দি আৰক্ষীৰ বাৰ্মিজ চুপাৰি বিৰোধী অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু আগৰ কাঠ। শনিবাৰে হাইলাকান্দি আৰক্ষীৰ দুটা পৃথক অভিযানত জব্দ কৰা হৈছে প্ৰায় ২৮৩ কুইন্টল বাৰ্মিজ চুপাৰি (Burmese supari)। ইয়াৰ বজাৰ মূল্য আনুমানিক ১ কোটি টকা । লগতে জব্দ কৰিছে ২০ মোনা আগৰ কাঠ ।


    যোৱানিশা হাইলাকান্দিৰ (Hailakandi) পৰা গুৱাহাটি অভিমুখে যোৱা এএছ ২৫ ইচি ৪৯২৭ নম্বৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় ২৪৫ কুইন্টল বাৰ্মিজ চুপাৰি। এই ট্ৰাকত বাৰ্মিজ চুপাৰিৰ লগতে লৈ যোৱা অৱস্থাত উদ্ধাৰ হৈছে ২০খন মোনাভৰ্তি আগৰ কাঠ।


    জব্দকৃত আগৰ কাঠখিনিৰ মূল্যও কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইপিনে, আন এক অভিযানত জিলাৰ বিলাইপুৰ এলেকাৰ পৰা আন ৩৮ কুইন্টল বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী (Burmese supari seized)। অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: