গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত পুনৰ জব্দ বাৰ্মিজ চুপাৰিভৰ্তি গাড়ী। নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি একাংশ ক'লা ব্যৱসায়ীয়ে ধনশিৰি মহকুমাক কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি চোৰাংভাৱে এনে চুপাৰিৰ ব্যৱসায় কৰি আছে ৷
এইবাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ কেভট বস্তিৰ পৰা ধনশিৰি মহকুমাৰ মাজেৰে নগাঁওলৈ এই বাৰ্মিজ চুপাৰি সৰবৰাহ কৰিবলৈ লওঁতেই সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে ৰে'লগেটৰ সমীপত AS11DC9525 নম্বৰৰ গাড়ীখন জব্দ কৰে।
গাড়ীখন পৰীক্ষা কৰাত ১২ বেগ ধানৰ তলত ২০ বেগ চুপাৰি বস্তা কঢিয়াই আনিছিল। কোনো নথি পত্ৰ নথকা চুপাৰিখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে চাহিদ আলী নামৰ এজনক আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তত মজুত হৈ থকা অবৈধ বাৰ্মিজ চুপাৰিসমূহ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ কৰিব নোৱাৰি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ধনশিৰি মহকুমাৰ মাজেৰে অবৈধ বাৰ্মিজ চুপাৰিসমূহ কোনো দুষ্টচক্ৰই পাৰ কৰাবৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে, ফলত আজি তেনে এখন অবৈধ বাৰ্মিজ চুপাৰি গাড়ী সৰুপথাৰ আৰক্ষীৰ হাতত ধৰা পৰে। ইয়াৰ পূৰ্বেও সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত প্ৰায় ৬০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে ১০জন অবৈধ বাৰ্মিজ চুপাৰি ব্যৱসায়ত জড়িতক গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰে। তাৎপর্যপূর্ণ কথা এই যে এক গোপন সূত্ৰই প্ৰকাশ কৰা অনুসৰি নাগালেণ্ডৰ পৰা সৰু সৰু ট্ৰাকেৰে বিভিন্ন কৌশলেৰে বাৰ্মিজ চুপাৰিসমূহ সৰবৰাহ কৰি মজুত কৰে নগাঁৱৰ ধিঙত। আৰু ধিঙৰ পৰা অসমৰ চুপাৰিৰ লগত বাৰ্মিজ চুপাৰি মিশ্ৰণ কৰি প্ৰেৰণ কৰে বহিঃৰাজ্যলৈ। নগাওঁ ধিঙৰ এক শক্তিশালী চক্ৰই নতুন কৌশলেৰে বাৰ্মিজ চুপাৰি বহিঃৰাজ্যলৈ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীয়ে উচিত তদন্ত কৰিলে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ আঁৰৰ ৰৌ-বৰালি জালত পৰা সম্ভাৱনা আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|