ৰাজ্যত বানে তাণ্ডৱ ৰূপ ধাৰণ কৰিলেও চলি আছে চোৰাং বেহা। এনে বানৰ আতংকৰ সময়তে হাইলাকান্দিত পুনৰ জব্দ হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি । হাইলাকান্দি জিলাৰ দুঠাইত আৰক্ষীৰ তালাচীত জব্দ হৈছে প্ৰায় তিনি শতাধিক বস্তা বাৰ্মিজ চুপাৰি। মুঠ তিনিখন ট্ৰাকৰ পৰা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ চুপাৰিখিনি।
যোৱা নিশা স্থানীয় কাৰিছড়া এলেকাত আৰক্ষীয়ে AS24 AC 3580 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰে ২০০ বস্তা বাৰ্মিজ চুপাৰি। আদাৰ বস্তাৰ মাজতে লুকুৱাই ৰখা অৱস্থাৰ পৰা আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি। ইপিনে, ৰাতিপুৱা আব্দুলাপুৰ আৰক্ষী চকীৰ তালাচীত জব্দ হয় আন দুই ট্ৰাক বাৰ্মিজ চুপাৰি। তিনিখন ট্ৰাকৰ পৰা জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ১ কোটি টকাৰ ওপৰত হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ।
আনহাতে, বৰ্তমানেও হাইলাকান্দি জিলাত এতিয়াও বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। লগতে এই তিনিখন গাড়ী ৰাইজৰ হেঁচাত বাধ্য হৈ আৰক্ষীয়ে আটক কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|