• Home
  • »
  • News
  • »
  • crime
  • »
  • Brutal Murder at Kokrajhar: কইনা চাবলৈ যোৱা নহ’ল শিক্ষক বেৰলাওৰ, দুৰ্বৃত্তই কাটি পেলালে গুপ্তাংগ, মৃতদেহ পেলাই থৈ গ'ল চেঁচাপানীৰ শালবাৰী পাহাৰৰ জংঘলত

Brutal Murder at Kokrajhar: কইনা চাবলৈ যোৱা নহ’ল শিক্ষক বেৰলাওৰ, দুৰ্বৃত্তই কাটি পেলালে গুপ্তাংগ, মৃতদেহ পেলাই থৈ গ'ল চেঁচাপানীৰ শালবাৰী পাহাৰৰ জংঘলত

 কাইলৈ বিবাহ পতাৰ উদ্দেশ্যে দোতমাত ছোৱালী চাবলৈ যাবৰ বাবে যো-জা চলাইছিল ৷

কাইলৈ বিবাহ পতাৰ উদ্দেশ্যে দোতমাত ছোৱালী চাবলৈ যাবৰ বাবে যো-জা চলাইছিল ৷

কাইলৈ বিবাহ পতাৰ উদ্দেশ্যে দোতমাত ছোৱালী চাবলৈ যাবৰ বাবে যো-জা চলাইছিল ৷

  • Share this:
কোকৰাঝাৰ জিলা তথা সদৰ থানাৰ অন্তৰ্গত মাগুৰমাৰী  হৈ ফকিৰাগ্ৰামলৈ যোৱা চেঁচাপানী ৰে'লৱে পথ সংলগ্ন শালবাৰীৰ জংঘলত আজি পুৰুষৰ এটা মৃতদেহ উদ্বাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। সুস্থিৰ পৰিৱেশ ঘূৰি অহা জিলাখনত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে৷

উদ্ধাৰ হোৱা মৃতদেহটো ফকিৰাগ্ৰাম থানাৰ (Fakiragram Police Station)  অন্তৰ্গত কুমগুৰি ( তিনকোণা )ৰ নিৱাসী প্ৰয়াত সমেশ্বৰ ব্ৰহ্ম আৰু হাবাং ব্ৰহ্মৰ পুত্ৰ বেৰলাও বেৰথাও ব্ৰহ্ম  ওৰফে বিভাস (৪২)বুলি চিনাক্ত কৰা হৈছে।

আজি সন্ধিয়া কোকৰাঝাৰ (Kokrajhar) সদৰ থানাত উপস্থিত হোৱা বেৰলাও বেৰথাও ব্ৰহ্মৰ জ্যেষ্ঠ ভাতৃ সাঞ্জা ব্ৰহ্মই সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি, ৯১৮ নং কুমগুৰি তিনকোণা  প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰলাও কালি সন্ধিয়া বজাৰ কৰি ঘৰলৈ উভতি আহিছিল৷ কিন্তু নিশা প্ৰায় সাত মান বজাৰ পৰা ঘৰৰ পৰা সন্ধানহীন হয়৷

অবিবাহিত অমায়িক বেৰলাও হঠাৎ নিশাৰ ভাগত সন্ধানহীন হৈ পৰাত কালিৰ পৰা পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰাৰ লগতে ফকিৰাগ্ৰাম থানাতো পৰিয়ালে এজাহাৰ দাখিল কৰে৷  জ্যেষ্ঠ ভাতৃ সাঞ্জাই কান্দি কান্দি সাংবাদিকৰ আগত কয় যে আজিও কুমগুৰিবাসীৰ লগতে অঞ্চলবাসী ৰাইজে বিচাৰ-খোঁচাৰ কৰি থাকোঁতে সন্ধিয়া শিক্ষক বেৰলাওৰ নিষ্প্ৰাণ ৰক্তাক্ত আৰু অৰ্ধনগ্ন মৃতদেহটো চেঁচাপানীৰ জংঘলেৰে আবৃত পাহাৰৰ এঢলীয়া এটা টিলাৰ কাষত উদ্ধাৰ হয় (Murder in Kokrajhar)৷

জ্যেষ্ঠ ভাতৃৰ লগতে অঞ্চলবাসী ৰাইজে শিক্ষকগৰাকীক অতি নৃশংসভাৱে কোৰ জাতীয় অস্ত্ৰৰে, মোবাইল ছাৰ্জাৰেৰে দুহাত বান্ধি নিৰ্দয়ভাৱে হত্যা  কৰা হৈছে (Brutal Murder at Kokrajhar) ৷ তদুপৰি অবিবাহিত বেৰলাওক গুপ্তাংগতো বেয়াকৈ আঘাত কৰা চিহ্ন প্ৰত্যক্ষ কৰা হৈছে ৷ লক্ষণীয় যে বেৰলাওৱে ভাতৃসকলৰ পৰা কিছু নিলগত নতুনকৈ গৃহ নিৰ্মাণ কৰি অকলশৰে বসবাস কৰি আছিল ৷ দুখৰ কথা যে কাইলৈ বিবাহ পতাৰ উদ্দেশ্যে দোতমাত ছোৱালী চাবলৈ যাবৰ বাবে যো-জা চলাইছিল ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ এটা দলে শিক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ (Teacher's Body Recover at Kokrajhar) কৰি কোকৰাঝাৰ সদৰ থানালৈ আনিছে৷ উল্লেখ্য যে এই ঘটনাক কোকৰাঝাৰ জিলা ইউপিপিএলৰ সমপাদক মতিউৰ ৰহমানে কঠোৰ ভাষাৰে গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷
Published by:Gautam Barman
First published: