• Home
  • »
  • News
  • »
  • crime
  • »
  • Explained : ভাৰতীয় মিডিয়াত সুস্থ ৰিপোৰ্টিং নহয় যৌন নিৰ্যাতনৰ ঘটনাৰ, UNESCOৰ অধ্যয়নত নৃশংস ঘটনা, ধৰ্ষণৰ ভুক্তভোগীৰ বাতৰি প্ৰচাৰত অসাৱধানতাৰ প্ৰমাণ।

Explained : ভাৰতীয় মিডিয়াত সুস্থ ৰিপোৰ্টিং নহয় যৌন নিৰ্যাতনৰ ঘটনাৰ, UNESCOৰ অধ্যয়নত নৃশংস ঘটনা, ধৰ্ষণৰ ভুক্তভোগীৰ বাতৰি প্ৰচাৰত অসাৱধানতাৰ প্ৰমাণ।

অধ্যয়নৰ সময়ত ২০.৬ শতাংশ লোকে এই কথাটোৰ উল্লেখ কৰিছে ভাৰতত ধৰ্ষণ বা যৌন নিৰ্যাতনৰ এটা ঘটনা ৰিপোৰ্টিঙৰ সময়ত মূল চালিকা উপাদান হৈছে ভুক্তভোগী নাইবা ধৰ্ষণকাৰীৰ প্ৰফাইল (ব্যক্তিগত জীৱন)ৰ তথ্য।

অধ্যয়নৰ সময়ত ২০.৬ শতাংশ লোকে এই কথাটোৰ উল্লেখ কৰিছে ভাৰতত ধৰ্ষণ বা যৌন নিৰ্যাতনৰ এটা ঘটনা ৰিপোৰ্টিঙৰ সময়ত মূল চালিকা উপাদান হৈছে ভুক্তভোগী নাইবা ধৰ্ষণকাৰীৰ প্ৰফাইল (ব্যক্তিগত জীৱন)ৰ তথ্য।

অধ্যয়নৰ সময়ত ২০.৬ শতাংশ লোকে এই কথাটোৰ উল্লেখ কৰিছে ভাৰতত ধৰ্ষণ বা যৌন নিৰ্যাতনৰ এটা ঘটনা ৰিপোৰ্টিঙৰ সময়ত মূল চালিকা উপাদান হৈছে ভুক্তভোগী নাইবা ধৰ্ষণকাৰীৰ প্ৰফাইল (ব্যক্তিগত জীৱন)ৰ তথ্য।

  • Share this:
UNESCOৰ এক শেহতীয়া অধ্যয়নৰ পিছত ভাৰতৰ মিডিয়াত ধৰ্ষণ, নৃশংস ঘটনাৰ বাতৰি প্ৰকাশ বা সম্প্ৰচাৰৰ ক্ষেত্ৰত সম্পাদকীয় নিয়ন্ত্ৰণ অধিক শক্তিশালী কৰিবলৈ কেতবোৰ পৰামৰ্শ আগবঢ়াইছে। UNESCOৰ ‘যৌন নিৰ্যাতন আৰু নিউজ মিডিয়া : বিষয়, প্ৰত্যাহ্বান আৰু নিৰ্দেশনাৱলী, ভাৰতৰ সাংবাদিকৰ কাৰণে’ (Sexual Violence and the News Media: Issues, Challenges and Guidelines for Journalists in India) শীৰ্ষক এই প্ৰতিবেদনত ভাৰতৰ মিডিয়াত যৌন নিৰ্যাতনৰ ৰিপোৰ্টিং সমস্যাযুক্ত বুলি আলোকপাত কৰা হৈছে।

এই অধ্যয়নত কোৱা মতে ভাৰতীয় মিডিয়াত 'অস্বাভাৱিক ঘটনা' (unusual cases) য'ত চুড়ান্ত পৰ্যায়ত হিংসা (Extreem Violence) থাকে, নৃশংসতা (Brutality) থাকে, নাইবা অচিনাকী বা অজ্ঞাত লোক (Strangers)ৰ দ্বাৰা আক্ৰমণ আদি ধৰণৰ ঘটনা প্ৰচাৰৰ অধিক প্ৰৱণতা দেখা যায় যিটোৱে আচলতে ভাৰতত যৌন নিৰ্যাতন (Sexual Violence)ৰ প্ৰকৃত কাৰণবোৰ উজাগৰ কৰাৰ ক্ষেত্ৰত বিপথে পৰিচালিত কৰে। এই অধ্যয়নৰ সময়ত ২০.৬ শতাংশ লোকে এই কথাটোৰ উল্লেখ কৰিছে ভাৰতত ধৰ্ষণ বা যৌন নিৰ্যাতনৰ এটা ঘটনা ৰিপোৰ্টিঙৰ সময়ত মূল চালিকা উপাদান হৈছে ভুক্তভোগী নাইবা ধৰ্ষণকাৰীৰ প্ৰফাইল  (Profile-ব্যক্তিগত জীৱন)ৰ তথ্য। আৰক্ষীৰ সহাৰি (Police Response) দ্বিতীয় জৰুৰী উপাদান হিচাপে আছে ১৬.৭ শতাংশৰ সৈতে। তৃতীয় স্থানত আছে ঘটনাৰ ভয়াৱহতা (Gravity) ১৪ শতাংশৰ সৈতে।

বাতৰিকাকতবোৰে প্ৰকাশ কৰা ধৰ্ষণৰ বাতৰিৰ ৪৯ শতাংশই হৈছে নগৰ এলেকাৰ। গ্ৰাম্য এলেকাৰ ধৰ্ষণৰ ঘটনা বাতৰিকাকত প্ৰকাশ হয় মাত্ৰ ২২ শতাংশ, যাৰ ফলত গ্ৰামাঞ্চলৰ ধৰ্ষণ (Rape)ৰ ঘটনাবোৰৰ অধিকাংশই লোকচক্ষুৰ আঁৰত থাকি যায়। অধিকাংশ ধৰ্ষণৰ বাতৰিত মূল প্ৰসংগটো বিচাৰি পোৱা নাযায় বা সবিশেষ ৰিপোৰ্ট কৰা নহয়। ।যদিও ভুক্তভোগীয়ে দোষাৰোপ কৰাৰ হাৰ মাত্ৰ ২.২ শতাংশ, বেছিভাগ বাতৰিতে ভুক্তভোগীৰ কণ্ঠ হিচাপে (পৰোক্ষ বা প্ৰত্যক্ষ) বাতৰিবোৰ প্ৰকাশ নহয়।

এই অধ্যয়নটোত কোৱা মতে মাত্ৰ ১৯.৫ শতাংশ বাতৰিতহে 'ধৰ্ষণ' (rape) শব্দটো ব্যৱহাৰ কৰা হৈছে । ৫১ শতাংশ বাতৰিতে ব্যৱহাৰ কৰা হৈছে আন আনুষংগিক শব্দহে। ৭৮ শতাংশ সাংবাদিকে কয় যে যৌন নিৰ্যাতনৰ বাতৰিৰ প্ৰভাৱ সলনিৰ বাবে তেওঁলোকে নিজকে দয়বদ্ধ বুলি ভাবে। লক্ষণীয় যে মাত্ৰ ৭ শতাংশ বাতৰিতহে সমস্যাটো সমাধানৰ চেষ্টা পৰিলক্ষিত হয়।

এই অধ্যয়নটো ভাৰতৰ ১০ খন বিভিন্ন ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকতৰ বাতৰিৰ তুলনাত্মক অধ্যয়নৰ জড়িয়তে কৰা হৈছে। এই অধ্যয়নত ছপা, ৰেডিঅ' আৰু অনলাইন মিডিয়াত কাম কৰি থকা ১৪টা ভিন্ন ভাষাৰ ২৫৭ গৰাকী সাংবাদিকৰ ইণ্টাৰভিউ লোৱা হৈছে।

সম্পাদকীয় নিয়ন্ত্ৰণৰ পৰামৰ্শ (Editorial Gatekeeping)

অধ্যয়নটোৱে যৌন নিৰ্যতনৰ বাতৰিৰ ক্ষেত্ৰত অধিক কঠোৰ আৰু সুনিৰ্দিষ্ট সম্পাদকীয় নিৰ্দেশাৱলী নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ দিছে। সাংবাদিক সংস্থাসমূহ আৰু মিডিয়া গোষ্ঠীৰ মালিকসকলে মিলি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন চনদ (national charter) প্ৰস্তুত কৰিব পাৰে যিয়ে এনে স্পৰ্শকাতৰ বিষয়ৰ ৰিপোৰ্টিঙৰ বাবে মিডিয়াৰ দায়বদ্ধতা আৰু নিষ্ঠা অটুট ৰাখিব পাৰে।

ইয়াৰ বাবে সাংবাদিকৰ প্ৰশিক্ষণৰ লগতে তেনে সাংবাদিকক মানসিক অৱস্থা সুস্থিৰে ৰাখিব পৰাৰ প্ৰশিক্ষণো দিব লাগে বুলি অধ্যয়নটোত পৰামৰ্শ দিয়া হৈছে। কাৰণ এনে নৃশংস বাতৰিৰ ৰিপোৰ্টিং কৰা সাংবাদিক বহু সময়ত মানসিক ৰোগত ভোগা দেখা যায়।

একেসময়তে যৌন নিৰ্যাতনৰ বাতৰি লিখাৰ সময়ত কেনেধৰণৰ শব্দ প্ৰয়োগ কৰা হ'ব সেই সম্পৰ্কে মিডিয়া হাউছবোৰে নিজাববীয়াকৈ কিছুমান মাপকাঠি প্ৰস্তুত কৰি ল'ব পাৰে বুলিও পৰামৰ্শ দিয়া হৈছে।

যৌন নিৰ্যাতনৰ ঘটনাত সম্পাদনা আৰু ৰিপোৰ্টিং গাইডলাইনছ পালনৰ কথাটো দৈনিক কামৰ অংগৰূপে মানি চলা প্ৰয়োজন। তদুপৰি ভাৰতত নিউজৰূমৰ পৰা ৰুটিনমাফিক তথ্য-পুনৰীক্ষণ, FIRৰ পৰীক্ষণ আৰু অন্য চৰকাৰী সূত্ৰৰ ভেৰিফিকেচন কৰাটো জৰুৰী যাতে কোনো বাতৰিত ভুল ৰিপোৰ্টিং নহয়। ইয়াৰ বাবে পৰাপক্ষত একাধিক সূত্ৰৰ জড়িয়তে বাতৰিৰ নিশ্চিতকৰণৰ পৰামৰ্শ দিয়া হৈছে এই অধ্যয়নত।

অধ্যয়নটোত কোৱা হৈছে যে প্ৰতিটো মিডিয়া গোষ্ঠীৰেই নিজাকৈ এই বিষয়ত কিছুমান পদক্ষেপ আৰু দায়বদ্ধতা থকা দৰকাৰ যাতে এনেধৰণৰ ঘটনা ৰোধ কৰিব পৰা যায়। বিজ্ঞাপনৰ ক্ষেত্ৰটো চাব লাগে যাতে যৌন নিৰ্যাতন বা লিংগ বৈষম্যই স্থান নাপায়। লগতে যৌন নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে সাংবাদিকৰ জৰিয়তে সমাজত পৰিবৰ্তন অনাৰ প্ৰয়াস কৰাৰ নীতিও গ্ৰহণ কৰিব লাগে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি