• Home
  • »
  • News
  • »
  • crime
  • »
  • লোমহৰ্ষক! আজি বিয়া আছিল ভনীয়েকৰ, কিন্তু যোৱানিশা ঘৰৰ কাষতে হত্যা কৰিলে ককায়েকক, দৰঙত চাঞ্চল্য

লোমহৰ্ষক! আজি বিয়া আছিল ভনীয়েকৰ, কিন্তু যোৱানিশা ঘৰৰ কাষতে হত্যা কৰিলে ককায়েকক, দৰঙত চাঞ্চল্য

জানিব পৰা মতে, গুৱাহাটীত মণিপুৰী মহিলাৰ স'তে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল অভিযুক্ত সঞ্জীৱ ডেকা।

জানিব পৰা মতে, গুৱাহাটীত মণিপুৰী মহিলাৰ স'তে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল অভিযুক্ত সঞ্জীৱ ডেকা।

জানিব পৰা মতে, গুৱাহাটীত মণিপুৰী মহিলাৰ স'তে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল অভিযুক্ত সঞ্জীৱ ডেকা।

  • Share this:

ভনীয়েকৰ বিয়াৰ আগনিশাই ককায়েক হত্যা। দৰঙৰ নামখলা শালৈপাৰা গাঁওত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। নিহত যুৱকজনৰ নাম প্ৰাঞ্জল কলিতা। আজি বিয়া আছিল প্ৰাঞ্জলৰ ভনীয়েকৰ।


কিন্তু যোৱানিশা স্থানীয় ৰাইজে ঘৰৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত খৈৰবাৰীত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে প্ৰাঞ্জল কলিতাক। সেই স্থানত প্ৰত্যক্ষ কৰা হয় তেজৰ চেকুৰা, চেণ্ডেল আৰু বিলাতী মদৰ ভঙা বটল। সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ।


জানিব পোৱা মতে, প্ৰাঞ্জলৰ মোমায়েকৰ পুত্ৰ সঞ্জীৱ ডেকাই যোৱানিশা ঘৰৰ পৰা মাতি নিছিল তেওঁক। পৰিয়ালে ইয়াকে লৈ মোমায়েকৰ পুত্ৰ সঞ্জীৱ ডেকাই মাটি আনি ৰাজপথত হত্যা কৰাৰ অভিযোগ কৰে। পৰিয়াল আৰু স্থানীয় ৰাইজে জনোৱা মতে, নিশা প্ৰায় ১০.৩০ বজাত  সঞ্জীৱ ডেকাই প্ৰাঞ্জল কলিতাক ঘৰৰ পৰা মাতি নিছিল।


পৰিয়ালৰ মতে এয়া হত্যাকাণ্ডৰ ঘটনা, বজাই থকা গানৰ শব্দ বেছি কৰি সম্পূৰ্ণ পৰিকল্পনাৰে হত্যা কৰে প্ৰাঞ্জলক, হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰে পৰিয়ালে।


গুৰুত্বপূৰ্ণভাৱে সেই সময়ৰ পৰাই ফোন অফ হৈ আছে অভিযুক্ত সঞ্জীৱ ডেকাৰ। ইতিমধ্যে পৰিয়ালৰ লোকে খৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে, কিন্তু এতিয়ালৈকে শুংসূত্ৰ উলিয়াব পৰা নাই সঞ্জীৱ ডেকাৰ। জানিব পৰা মতে, গুৱাহাটীত মণিপুৰী মহিলাৰ স'তে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিল সঞ্জীৱ ডেকা।


 গুৱাহাটীত গাড়ী চলাই থকা প্ৰাঞ্জল ভনীয়েকৰ বিয়াৰ বাবে আহিছিল চাৰি দিন পূর্বে। বিয়াৰ ৰভাতলিত এতিয়া কান্দোনৰ ৰোল। এইপৰ্যন্ত ঘটনাটোৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই।  ইপিনে আজি অনুষ্ঠিত হ'বলগীয়া বিয়া ঘৰত ঘটনাৰ খবৰ পাই  কান্দোনত ভাঙি পৰে মৃত যুৱকজনৰ আত্মীয়সকল ৷ সম্প্ৰতি ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Published by:Gautam Barman
First published: