உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Brutal Attack: বায়েকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা সৰু ভাতৃৰ, মাত্ৰ কেইশমান টকাৰ বাবে প্ৰাণঘাতী আক্ৰমণ

    Brutal Attack: বায়েকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা সৰু ভাতৃৰ, মাত্ৰ কেইশমান টকাৰ বাবে প্ৰাণঘাতী আক্ৰমণ

    ভাতৃয়ে দা'ৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিলে ভগ্নিক । চাঞ্চল্য হাইলাকান্দিত । 

    ভাতৃয়ে দা'ৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিলে ভগ্নিক । চাঞ্চল্য হাইলাকান্দিত । 

    ভাতৃয়ে দা'ৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিলে ভগ্নিক । চাঞ্চল্য হাইলাকান্দিত । 

    • Share this:
    হাইলাকান্দিত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । বায়েকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিলে সৰু ভাতৃয়ে। মাত্ৰ কেইশমান টকাৰ বাবে ভায়েকে প্ৰাণঘাতী আক্ৰমণ কৰিলে বায়েকৰ ওপৰত। হাইলাকান্দি চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ "ভূতৰঘাট" এলেকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ভগ্নী পম্পী চক্ৰবৰ্তীক প্ৰাণঘাতী আক্ৰমণ কৰে ভ‍াতৃ ৰাজেস দাসে।

    শনিবাৰ বিয়লি বিবাহিত বায়েক পম্পী চক্ৰবৰ্তীৰ পৰা কেইশমান টকা বিচাৰিছিলে সৰু ভায়েক ৰাজেশ দাসে । কিন্তু টকা দিয়াত বায়েকে অসম্মতি প্ৰকাশ কৰাত ক্ষুদ্ধ হৈ উঠে ভায়েক ৰাজেশ  আৰু ঘৰৰ পৰা দা লৈ গৈ আক্ৰমণ কৰে বায়েকক। এই অতৰ্কিত আক্ৰমণত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হৈছে পম্পী চক্ৰবৰ্তী।

    ইপিনে পম্পী চক্ৰবৰ্তীৰ চিঞৰ-বাখৰ শুনি প্ৰতিবেশী সকল উপস্থিত হোৱাত ৰাজেশে পলাই গৈ ওচৰৰ এটা ঘৰত অশ্ৰয় লয় । তাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক ৰাজেশ দাসক। আনহাতে প্ৰতিবেশীসকলে গুৰুতৰভাৱে আহত পম্পী চক্ৰবৰ্তীক প্ৰথমে হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতাললৈ নিয়ে যদিও তেওঁৰ শৰীৰ আৰু মূৰৰ আঘাতৰ পৰা ৰক্তক্ষৰণ বন্ধ নোহোৱাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
    Published by:Manjumoni Borah
    First published: