• Home
  • »
  • News
  • »
  • crime
  • »
  • Crime News: নুমলীগড়ত লোমহৰ্ষক ঘটনা। নিজ ভাগিনৰ দাৰ ঘাপত মোমায়েকে হেৰুৱালে এখন হাত।

Crime News: নুমলীগড়ত লোমহৰ্ষক ঘটনা। নিজ ভাগিনৰ দাৰ ঘাপত মোমায়েকে হেৰুৱালে এখন হাত।

Crime News: মোমায়েকক দাৰে ঘপিয়াইয়েই ভাগিন মুনিন্দ্ৰ শইকীয়া  পলায়ন কৰে যদিও আজি দিনৰ ১০ মান বজাত বগিজান থানাত আত্মসমৰ্পণ কৰে ।

Crime News: মোমায়েকক দাৰে ঘপিয়াইয়েই ভাগিন মুনিন্দ্ৰ শইকীয়া  পলায়ন কৰে যদিও আজি দিনৰ ১০ মান বজাত বগিজান থানাত আত্মসমৰ্পণ কৰে ।

Crime News: মোমায়েকক দাৰে ঘপিয়াইয়েই ভাগিন মুনিন্দ্ৰ শইকীয়া  পলায়ন কৰে যদিও আজি দিনৰ ১০ মান বজাত বগিজান থানাত আত্মসমৰ্পণ কৰে ।

  • Share this:
নুমলীগড়ত  শনি বাৰে নিশা চাঞ্চল্যকৰ ঘটনা ভনীয়েকৰ ঘৰত ভাগিনীয়েকৰ দাৰ ঘাপত দুচেও হ'ল মোমায়েকৰ হাত। এক ঘণ্টা চোতালতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থাকিল মোমায়েক। ভগ্নীৰ ঘৰলৈ অহাই যেন কাল হ'ল মোমায়েক ৰাজীৱ হাজৰিকাৰ। পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হয় এই লোমহৰ্ষক কাণ্ড।

নিশা ফলঙনী কৰতিপাৰৰ নিবাসী ৰাজীৱ হাজৰিকা ফলঙনী ডাকঘৰ চাৰিআলিৰ সুভাষ শইকীয়া আৰু জিতা শইকীয়াৰ  ঘৰলৈ যাওঁতে ভাগিন তথা সুভাষ আৰু জিতা শইকীয়াৰ পুত্ৰ মুনিন্দ্ৰ শইকীয়াৰ সৈতে সংঘাত হয়। আৰু তাৰ পৰিণতিত ভাগিনয়েক মুনিন্দ্ৰ শইকীয়াৰ দাৰ ঘাপত মোমায়েক ৰাজীৱ হাজৰিকাৰ এখন হাত দুচেও হয়। প্ৰায় এক ঘণ্টাৰ পাছত ঘটনা সন্দৰ্ভত বগীজান আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ৰাজীৱ হাজৰিকাক সংকট জনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

ইফালে দাৰে ঘপিয়াইয়েই ভাগিন মুনিন্দ্ৰ শইকীয়া  পলায়ন কৰে যদিও আজি দিনৰ ১০ মান বজাত বগিজান থানাত আত্মসমৰ্পণ কৰে । বৰ্তমান মুনিন্দ্ৰ শইকীয়াক বগিজান আৰক্ষীয়ে জিম্মাত লৈছে । আনহাতে মুনিন্দ্ৰ শইকীয়াৰ পিতৃ- মাতৃৰ উচটনিৰ বাবেই এই ঘটনা সংঘটিত কৰিলে বুলিও মত পোষণ কৰে সচেতন মহলে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি