হোজাই (Hojai)ৰ হৰিজন কলনীত দুমাহ ধৰি চলি থকা সীমা বিবাদ (Boundary Disput)ক লৈ সৃষ্টি হল ভয়ংকৰ পৰিস্থিতি। সীমা বিবাদক লৈ দুই ফৈদৰ মাজত সৃষ্টি হোৱা প্ৰচণ্ড মাৰপিটৰ পৰিণতিত বৃহস্পতি বাৰে সন্ধিয়া উত্তপ্ত হৈ পৰে হোজাইৰ হৰিজন কলনী।
কলনীটোৰ উত্তম বাছফৰ আৰু ৰবি বাছফৰ ফৈদ দুটাৰ মাজত চলিছিল সীমা বিবাদ। এই বিবাদ সম্পৰ্কে অৱগত কৰোৱা হৈছিল স্থানীয় বিধায়কক। সেইমতে বিধায়কৰ প্ৰতিনিধি হিচাপে গৈ কেইজনমান লোকে পৰিস্থিতিৰ বুজ লৈ থকাৰ সময়তে উত্তম বাছফৰ আৰু ৰবি বাছফৰ ফৈদ দুটাৰ মাজত কাজিয়াৰ সুত্ৰপাত ঘটে। দুয়ো পক্ষৰ পুৰুষ আৰু মহিলাই হাতে হাতে দা, লাঠী লৈ কৰে আক্ৰমণ। এই ভয়ংকৰ কাজিয়াত মহিলাসহ আহত হৈছে বহুকেইজন লোক।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP), DSP, OCসহ আৰক্ষীৰ বৃহৎ এটা দল উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে যদিও দুই পক্ষৰ মাৰপিটক কেন্দ্ৰ কৰি অব্যাহত আছে চেপা উত্তেজনা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|