মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »১২ কোটিৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি ! মুকলিৰ পিছতে চপৰা চপৰে খহিছে দলঙৰ দুই মূৰ।

১২ কোটিৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি ! মুকলিৰ পিছতে চপৰা চপৰে খহিছে দলঙৰ দুই মূৰ।

সাধাৰণ বৰষুণতে খহিল ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মাণ কৰা ১২ কোটি ৪৩ লাখ টকীয়া দলঙৰ দুই মূৰ ।

সাধাৰণ বৰষুণতে খহিল ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মাণ কৰা ১২ কোটি ৪৩ লাখ টকীয়া দলঙৰ দুই মূৰ ।

  • Share this:
    ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । মুকলিৰ পিছতে চপৰা চপৰে খহিছে ১২ কোটি ৪৩ লাখ টকীয়া দলঙৰ দুই মূৰ । সাধাৰণ বৰষুণৰ ফলত খহিছে বৃহৎ দলঙখনৰ দুয়োটা মূৰ ।

    ৰাইজৰ অভিযোগ যে গাৰ্ড ৱালৰ পৰিবৰ্তে মাটি আৰু বালিৰ ওপৰত পিটচিং কৰি দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ অভিযোগ কৰিছে ঠিকাদাৰৰ বিৰুদ্ধে । অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে দলং নিৰ্মাণত । যাৰ বাবে নিৰ্মাণ সম্পূৰ্ণ কৰি দলং মুকলি কৰি দিয়াৰ পিছতে এনেদৰে দলঙখনৰ দুয়োটা মুৰ জহি-খহি গৈছে ।

    বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক ভবেশ কলিতাক দলং নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিছে স্থানীয় ৰাইজে । কিন্তু অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ঠিকাদাৰৰ বিৰুদ্ধে । ৰাইজে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। দুৰ্নীতিৰ ক্ষেত্রত শূণ্য সহনশীলতাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে এই ক্ষেত্রত কি ভূমিকা গ্ৰহণ কৰে তালৈ বাট চাইছে স্থআনীয় লোকে।

    শেহতীয়া বাতৰি