পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ'ল এগৰাকী নিৰ্দোষী মহিলাৰ। মহানগৰীৰ পশ্চিম বৰাগাঁৱত ক্ষত-বিক্ষত অৱস্থাত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হোৱা দুৰ্ভগীয়া মহিলা আন্তিমা গুপ্তাৰ মৃত্যুৰ ৰহস্যৰ অন্ত পেলায় আৰক্ষীয়ে। চাঞ্চল্যকৰ হত্যাৰ তদন্তত নামি পৰা আৰক্ষীয়ে
পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো হোৱা বুলি নিশ্চিত কৰে।
কি আছিল ঘটনাটো?
আন্তিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি বুধবাৰে গড়চুক আৰক্ষীক জনোৱাৰ এদিন পিছতে দেৱযানী দাস নামৰ মহিলাই স্বামীৰ সৈতে উপস্থিত হয় গড়চুক আৰক্ষী থানাত। দুয়োৱে তেওঁলোকৰ পাকঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰখা বুলি জনায়। আৰক্ষীয়ে তদন্তৰ বাবে দুয়োকে আটক কৰে।
ঘটনাৰ কাৰণ কি আছিল?
আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে আন্তিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাৰ ঘৰত ভাড়াতীয়া ৰূপে থকা দেবযানী দাসৰে আছিল সন্তোষৰ পৰকীয়া প্ৰেম। এই প্ৰেমৰ বাবেই দুই মহিলাৰ মাজত লাগিছিল কাজিয়া৷ আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দি দেবযানীয়ে খুন্দনাৰে আণ্টিমাৰ মূৰত প্ৰহাৰ কৰি হত্যা কৰে বুলি কয়। তাৰ পাছত মৃতদেহ লুকুৱাই ৰাখে ঘাতক দেৱযানী দাসে৷
বিবাহ পাশত আবদ্ধ হোৱাৰ মাত্ৰ ৭ বছৰ হোৱা আণ্টিমা গুপ্তাই এইদৰে নিজ ভাৰাতীয়াৰে স্বামীৰ পৰকীয়া প্ৰেমৰ বলি হয়। নিঃসন্তান দম্পতীটোৰ জীৱনলৈ পৰকীয়া প্ৰেমে মাতি আনিলে কাল অমানিশা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।