
ড্ৰাগছৰ বিৰুদ্ধে বঙৰাত আজাৰা আৰক্ষী , পলাশবাৰী আৰক্ষী আৰু বৰঝাৰ আৰক্ষীৰ তীব্ৰ অভিযান। ধাৰাপুৰ মজলী আৰু বঙৰাত আটক দুজন ।
ড্ৰাগছৰ বিৰুদ্ধে বঙৰাত আজাৰা আৰক্ষী , পলাশবাৰী আৰক্ষী আৰু বৰঝাৰ আৰক্ষীৰ তীব্ৰ অভিযান। ধাৰাপুৰ মজলী আৰু বঙৰাত আটক দুজন ।
ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী । মহানগৰীৰ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বঙৰাত আজি আজাৰা আৰক্ষী আৰু পলাশবাৰী আৰক্ষীয়ে যুটীয়া অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছৰ টেৱলেট আৰু কন্টেইনাৰ জব্দ কৰাৰ লগতে এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে বৰঝাৰ বিমান বন্দৰৰ সমীপবৰ্তী দক্ষিণ কামৰূপৰ বঙৰাত আজি এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলোৱা এগৰাকী মহিলাক আটক কৰাৰ লগতে ড্ৰাগছৰ টেবলেট আৰু কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । বিভিন্ন সময়ত এই মহিলা গৰাকীৰ ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছিল । নিষিদ্ধ ড্ৰাগছৰ বেহা আৰু সৰবৰাহ সন্দৰ্ভত আৰু অধিক তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে আজাৰা থানাত ধৃত মহিলা ড্ৰাগছ ব্যৱসায়ীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে । আনহাতে ধাৰাপুৰ মজলীতো ভাড়াঘৰৰ পৰা আজাৰা আৰক্ষী আৰু ধাৰাপুৰস্থিত 175 বি এন. চি আৰ পি এফে যুটীয়া অভিযান চলাই ড্ৰাগছ কিনা- বেচাত জড়িত নৱাজ শ্বৰীফ (২১) নামৰ এজন যুৱকক কৰায়ত্ব কৰে । অবশ্যে তদন্তৰ অন্তত আৰু বহুতো লোক আৰক্ষীৰ জালত পৰাৰ সন্দেহ আছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|