• Home
  • »
  • News
  • »
  • crime
  • »
  • বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ২ চাইবাৰ অপৰাধী ! PM কিষাণৰ ছাৰ্ভাৰ হেক কৰিছিল ধৃত ২ যুৱকে...

বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ২ চাইবাৰ অপৰাধী ! PM কিষাণৰ ছাৰ্ভাৰ হেক কৰিছিল ধৃত ২ যুৱকে...

বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল দুই চাইবাৰ অপৰাধী ৷ কৃষি বিভাগৰ চাৰ্ভাৰ হেক কৰি ধন আত্মসাতৰ চেষ্টা চলাই ধৰা পৰিল খাৰুপেটিয়াৰ দুই যুৱকে ৷ 

বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল দুই চাইবাৰ অপৰাধী ৷ কৃষি বিভাগৰ চাৰ্ভাৰ হেক কৰি ধন আত্মসাতৰ চেষ্টা চলাই ধৰা পৰিল খাৰুপেটিয়াৰ দুই যুৱকে ৷ 

বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল দুই চাইবাৰ অপৰাধী ৷ কৃষি বিভাগৰ চাৰ্ভাৰ হেক কৰি ধন আত্মসাতৰ চেষ্টা চলাই ধৰা পৰিল খাৰুপেটিয়াৰ দুই যুৱকে ৷ 

  • Share this:
বঙাইগাঁৱত গ্ৰেপ্তাৰ দুই চাইবাৰ অপৰাধী ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰি ধৰা পৰিল দুই যুৱক ৷ বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰি আৰক্ষীৰ জালত পৰিল খাৰুপেটিয়াৰ দুই যুৱক ৷

ধৃত যুৱকদ্বয় দৰং জিলাৰ খাৰুপেটিয়া থানাৰ অন্তৰ্গত চিনালুবাৰীৰ ৰেজাউল হক (২১) আৰু ৰিজাউল কৰিম (২১) ৷ যোৱা ৩০ ছেপ্টেম্বৰত বঙাইগাঁও জিলা কৃষি বিষয়া সঞ্জয় সেনগুপ্তাই বঙাইগাঁও থানাত কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক হোৱা বুলি আৰক্ষীক অৱগত কৰে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি বঙাইগাঁও থানাত  ৮১০ /২১ নং গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷  তদন্ত কালত যোৱা ১৭ ৰ পৰা ২৮ জুলাইলৈ ২৪৬৭ গৰাকী আৰু ২৬ ৰ পৰা  ৩০ ছেপ্টেম্বৰলৈ ৭২৫ গৰাকী লোকে চাৰ্ভাৰ হেক কৰি হিতাধিকাৰীৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা  বুলি আৰক্ষীয়ে ধৰা পেলায় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেংকত এইসমুহ লোকৰ নামত বেংকত একাউন্ট খুলি চৰকাৰী ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আগুৱাই নিয়ে ৷ জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ তত্বাৱধানত আৰক্ষীয়ে চলাই খাৰুপেটিয়াৰ দুই যুৱকে কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰি চৰকাৰী ধন আত্মসাত কৰাৰ ষড়যন্ত্ৰৰ বিষয়ে আৰক্ষীৰ তদন্তত ধৰা পৰে ৷ সেই মতে বঙাইগাঁও আৰক্ষীৰ দলে খাৰুপেটিয়াৰ পৰা দুই যুৱকক কৰায়ত্ত কৰে ৷এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জনোৱা মতে ধৃত ৰেজাউল কৰিমে ইয়াৰ পূৰ্বেও খাৰুপেটিয়া থানাত ৰুজু গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল ৷ কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰাৰ ঘটনাত জৰিত আন এজন যুৱক জৰিত আছে বুলি জানিব দি সম্প্ৰতি অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ ধৃত দুয়োৰে পৰা লেপটপ দুটা , চিপিইউ এটা  ,  কেইবাখনো বেংকৰ পাছবুক , এটিএমকে ধৰি কেইবাখনো নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিশেষ কাৰিকৰী কৌশল অৱলম্বন কৰি যুৱকদ্বয়ে চৰকাৰী চাৰ্ভাৰ হেক কৰিবলৈ সক্ষম হোৱা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে জানিব দিছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি