• Home
  • »
  • News
  • »
  • crime
  • »
  • বঙাইগাঁৱত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ ! বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা চাইবাৰ অপৰাধী চক্ৰক যোগান ধৰিছিল ছিম-ATM Card ...

বঙাইগাঁৱত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ ! বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা চাইবাৰ অপৰাধী চক্ৰক যোগান ধৰিছিল ছিম-ATM Card ...

বঙাইগাঁৱত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ ৷ বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা চাইবাৰ অপৰাধী চক্ৰক ছিম আৰু এটিএম যোগান ধৰা তিনি যুৱকক কৰায়ত্ত কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ 

  • Share this:
বঙাইগাঁৱত তিনি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ ৷ বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা চাইবাৰ অপৰাধী চক্ৰক ছিম আৰু এটিএম কাৰ্ড যোগান ধৰা তিনি যুৱকক কৰায়ত্ত কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

বহিঃ ৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰৰে জৰিত অসমৰ যুৱক।  ৰাজ্যত চাইবাৰ অপৰাধী চক্ৰ সক্ৰিয় হৈ পৰাৰ সময়তে বহিঃ ৰাজ্যৰ এই চাইবাৰ অপৰাধীক ছিম আৰু  এটিএম কাৰ্ড যোগান ধৰি আাক্ষীৰ জালত পৰিল বঙাইগাঁৱৰ তিনি যুৱক ৷ ধৃত তিনি যুৱক ক্ৰমে বঙাইগাঁও জিলাৰ কোকিলাৰ মাজপাৰাৰ আশ্ৰাফুল ইছলাম(২০) , বৰপেটা জিলা কলগাছিয়াৰ বিল্লাল হুছেইন (২৮)আৰু মনিৰুল ইছলাম (২৭)  ৷ তিনিওৰে জিন্মাৰ পৰা এখন বাইক , চাৰিটা মোবাইল , ১৮ খন ছিম , ২৫ খন এটিএম , নগদ ৭,৯৩০ টকা জব্দ কৰে ৷ গোপন সূত্ৰৰ পোম খেদি আৰক্ষীয়ে তিনিওকে আটক কৰে ৷ যুৱক তিনিজনে বহিঃ ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা চাইবাৰ অপৰাধী চক্ৰক ছিম আৰু এটিএম যোগান কৰি আহিছিল ৷ ধৃত যুৱক সকলে বহিঃ ৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰক ছিম আৰু এটিএম যোগান ধৰি আছিল ৷ উক্ত ছিমৰ জৰিয়তে  অসমৰ বিভিন্ন গ্ৰাহকলৈ ফোন কৰি বেংকৰ সৱিশেষ সংগ্ৰহ কৰাৰ লগতে এটিএমৰ ধন বিনিময় কৰি প্ৰৱঞ্চনাৰ জাল মেলি দিয়ে বুলি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিব দিয়ে ৷ আনহাতে ঘটনাৰ তদন্ত অব্যাহত থকাৰ ফলত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিব দিছে ৷ প্ৰতিখন ছিম চাইবাৰ অপৰাধীক তুলি দিয়াৰ বাবদ যুৱকসকলে তিনিৰ পৰা পাচ হাজাৰলৈ কমিচন লাভ কৰে বুলি আৰক্ষী সুত্ৰই জানিব দিছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি