• Home
  • »
  • News
  • »
  • crime
  • »
  • Crime : ৰাজ্যৰ বজাৰত বাৰ্মিজ চুপাৰীৰ হাতোৰা। নৈৰ পাৰৰ বালিত, চুবুৰীয়াৰ বাৰীত, গুদামতো জব্দ বাৰ্মিজ চুপাৰী ৷

Crime : ৰাজ্যৰ বজাৰত বাৰ্মিজ চুপাৰীৰ হাতোৰা। নৈৰ পাৰৰ বালিত, চুবুৰীয়াৰ বাৰীত, গুদামতো জব্দ বাৰ্মিজ চুপাৰী ৷

গুদামতে নহয় নৈপৰীয়া চৰতো উদ্বাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ বঙাইগাঁৱত য’তে ত’তে উদ্ধাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ 

গুদামতে নহয় নৈপৰীয়া চৰতো উদ্বাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ বঙাইগাঁৱত য’তে ত’তে উদ্ধাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ 

গুদামতে নহয় নৈপৰীয়া চৰতো উদ্বাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ বঙাইগাঁৱত য’তে ত’তে উদ্ধাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ 

  • Share this:
বঙাইগাঁৱত যেনিয়ে তেনিয়ে উদ্ধাৰ হৈছে বাৰ্মিজ চুপাৰী ৷ কেৱল গুদামতে নহয় সাধাৰণ লোকৰ ঘৰ, চৰ-চাপৰিত উদ্ধাৰ হৈছে বস্তাই বস্তাই বাৰ্মিজ চুপাৰী ৷

বঙাইগাঁৱৰ চৌৰাগুৰীত জিলাখনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত  বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ মঙলবাৰে সন্ধিয়া অভিযান চলাই আৰক্ষীয়ে স্থানীয় স্বপন কুমাৰ সৰকাৰ নামৰ লোক এজনৰ  ঘৰত থকা গুদামৰ পৰা ১৪০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে ৷ প্ৰায় ২৫ লাখ টকাৰ অধিক এই বাৰ্মিজ চুপাৰীৰ লগতে ৰং হিচাপে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰৱ্য উদ্ধাৰ কৰে ৷

গুদামটোত বাৰ্মিজ চুপাৰীসমুহ ৰং মিহলি কৰি থলুৱা চুপাৰী হিচাপে দেশৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আছে ৷ বৃহৎ ৰাজহ ফাকিৰে চুবুৰীয়া ম্যানমাৰৰ পৰা অনা চুপাৰীৰে অঞ্চলটোত কেইবাটাও গুদাম স্থাপন কৰি এটা চক্ৰই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷

আৰক্ষীয়ে অঞ্চলটোৰ বাকী গুদামসমুহতো বাৰ্মিজ চুপাৰী বিচাৰি অভিযান আৰম্ভ কৰাত অবৈধ চুপাৰী ব্যৱসায়ীসকল শংকিত হৈ বাৰ্মিজ চুপাৰীসমুহ লুকোৱাৰ বাবে চেষ্টা চলায় ৷ একাংশ ব্যৱসায়ীয়ে চুবুৰীয়াৰ ওচৰত লুকুৱাই ৰখাৰ বিপৰীতে আন একাংশই আই নৈৰ চৰত নি চুপাৰীৰ বস্তা লুকুৱাই ৰাখে ৷ অভিযানকাৰী আৰক্ষী দলে চৰত উপস্থিত হৈ মঙলবাৰে পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে ৷ প্লাষ্টিকৰে ঢাকি ৰখা অৱস্থাত চৰ এলেকাত বাৰ্মিজ চুপাৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
Published by:Manjumoni Borah
First published: