মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Supari Mafia Nabed : আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড চুপাৰী মাফিয়া আব্দুল হান্নান। চুপাৰী ছিণ্ডিকেটৰ বিস্ফোৰক তথ্য লাভ।

Supari Mafia Nabed : আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড চুপাৰী মাফিয়া আব্দুল হান্নান। চুপাৰী ছিণ্ডিকেটৰ বিস্ফোৰক তথ্য লাভ।

News18 Assam | News18-Assam
Updated:July 20, 2021, 4:25 PM IST
Supari Mafia Nabed : আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড চুপাৰী মাফিয়া আব্দুল হান্নান। চুপাৰী ছিণ্ডিকেটৰ বিস্ফোৰক তথ্য লাভ।
ম্যানমাৰৰ পৰা মণিপুৰ হৈ চুপাৰী আনি জিএচটি আদি ৰাজহ ফাকিৰে আব্দুল হান্নান আলীয়ে অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ চুপাৰী সৰবৰাহ কৰে ৷ 

ম্যানমাৰৰ পৰা মণিপুৰ হৈ চুপাৰী আনি জিএচটি আদি ৰাজহ ফাকিৰে আব্দুল হান্নান আলীয়ে অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ চুপাৰী সৰবৰাহ কৰে ৷ 

  • Share this:
বঙাইগাঁও আৰক্ষীৰ জালত পৰিছে বাৰ্মিজ চুপাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড চুপাৰী মাফিয়া আব্দুল হান্নান। গোলাঘাট জিলাৰ কহৰা আৰক্ষী চকীত দেওবাৰে  নিশা আব্দুল হান্নান আলি ওৰফে বাবলুক মাতি আনি আটক কৰাৰ পিছত বঙাইগাঁও আৰক্ষীয়ে নিজৰ জিন্মাত লয় ৷

বঙাইগাঁও আৰক্ষী থানাত ৰুজু এক গোচৰৰ ভিত্তিত ব‌ঙাইগাঁও আৰক্ষীয়ে আব্দুল হান্নান আলীক বঙাইগাঁৱলৈ আনে  ৷ ভাৰতীয় দণ্ডবিধিৰ  ১২০ বি/ ৪১৩/৪২০/৪৬৮/৪৭১ নং ধাৰাৰ অধীনত বঙাইগাঁও থানাত  ৪৬০/২১ নং গোচৰৰ ভিত্তিত আব্দুল হান্নানক গ্ৰেপ্তাৰ কৰা হৈছে ৷  আৰক্ষীয়ে আব্দুল হান্নানক সোমবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ।

বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আহিছে ৷ বঙাইগাঁও থানাৰ অন্তৰ্গত চৌৰাগুৰী, গৰাইমাৰী আদি অঞ্চলত দীৰ্ঘ দিনে চলি থকা বাৰ্মিজ চুপাৰীৰ অবৈধ ঘাটিসমুহত  অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

ম্যানমাৰৰ পৰা মণিপুৰ হৈ চুপাৰী আনি জিএচটি আদি ৰাজহ ফাকিৰে আব্দুল হান্নান আলীয়ে কিদৰে অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ চুপাৰী সৰবৰাহ কৰে তাৰ সৱিশেষ তথ্য উদঘাটন কৰিবলৈ সক্ষম  হৈছে আৰক্ষী ৷  আনহাতে, ছিণ্ডিকেট চক্ৰটোৱে বাৰ্মিজ চুপাৰীত ৰং দি থলুৱা চুপাৰী হিচাপে বৃহৎ বজাৰ দখলৰ তথ্যও আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ তদন্তত ছিণ্ডিকেট চক্ৰটোৰ সৈতে জড়িত আৰু বহু লোকৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
Published by: Manjumoni Borah
First published: July 20, 2021, 4:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি