বঙাইগাঁৱৰ মাণিকপুৰত হস্তনিৰ্মিত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ । এক গোপন সূত্ৰৰ পম খেদি অভয়াপুৰী আৰু মাণিকপুৰ আৰক্ষীয়ে অভিযান চলাই কলবাৰীত দুয়োকে গ্ৰেপ্তাৰ কৰে ৷
বঙাইগাঁৱৰ মাণিকপুৰত হস্তনিৰ্মিত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ । এক গোপন সূত্ৰৰ পম খেদি অভয়াপুৰী আৰু মাণিকপুৰ আৰক্ষীয়ে অভিযান চলাই কলবাৰীত দুয়োকে গ্ৰেপ্তাৰ কৰে ৷
বঙাইগাঁৱৰ মাণিকপুৰত হস্তনিৰ্মিত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ । এক গোপন সূত্ৰৰ পম খেদি অভয়াপুৰী আৰু মাণিকপুৰ আৰক্ষীয়ে অভিযান চলাই কলবাৰীত দুয়োকে গ্ৰেপ্তাৰ কৰে ৷ ধৃত দুজন আবুল হুছেইন আৰু মিনাৰুল আলী বুলি জানিব পৰা গৈছে ৷ অৱশ্য দুয়োৰে লগত থকা আন এজন লোক পলাই যাবলৈ সক্ষম হয়।
আৰক্ষীয়ে লোক দুজনৰ পৰা হস্তনিৰ্মিত পিষ্টল এটা জব্দ কৰাৰ লগতে নম্বৰপ্লেট বিহীন এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে। ঘটনা সম্পৰ্কে মানিকপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । ধৃত লোক দুজনে ডকাইতি কাণ্ড সংঘটিত কৰাৰ বাবে হস্ত নিৰ্মিত পিষ্টল লৈ ঘূৰি ফুৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|