বঙাইগাঁৱত নিশা আৰক্ষীৰ অভিযান ৷ জিলাখনৰ উপ আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জেল্কাঝাৰৰ বনমালি সৰকাৰ নামৰ লোক এজনৰ ঘৰৰ পৰা ২৫ কেজি গাঞ্জা জব্দ কৰে ৷
ইফালে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে বনমালি সৰকাৰে পলায়ন কৰে ৷ অভিযানকাৰী আৰক্ষী দলে লোকজনৰ ঘৰত গোপন স্থানত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাখিনি ৷
Published by: Kokil Sarma
FIRST PUBLISHED : May 22, 2021, 09:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।