মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»ৰাজপথত চলন্ত বাহন ৰখাই ডকাইতি ! নগদ ২৫ হাজাৰ টকাসহ সামগ্ৰী লৈ উধাও ডকাইতৰ দল...

ৰাজপথত চলন্ত বাহন ৰখাই ডকাইতি ! নগদ ২৫ হাজাৰ টকাসহ সামগ্ৰী লৈ উধাও ডকাইতৰ দল...

News18 Assam | News18-Assam
Updated:July 20, 2021, 11:50 AM IST
ৰাজপথত চলন্ত বাহন ৰখাই ডকাইতি ! নগদ ২৫ হাজাৰ টকাসহ সামগ্ৰী লৈ উধাও ডকাইতৰ দল...
বঙাইগাঁৱত চাঞ্চল্যকৰ ডকাইতি ৷ চলন্ত বলেৰ' পিকআপ ভেনক আগভেটি ধৰি লুটি নিলে ধন ৷

বঙাইগাঁৱত চাঞ্চল্যকৰ ডকাইতি ৷ চলন্ত বলেৰ' পিকআপ ভেনক আগভেটি ধৰি লুটি নিলে ধন ৷

  • Share this:
বঙাইগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ খগৰপুৰত দুৰ্বৃত্তৰ দলে বলেৰ পিক আপ ভেনৰ পৰা লুটি নিলে ধন ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনক আগভেটি ধৰি সাত জনীয়া দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এই ডকাইতি কাণ্ড ৷

অভয়াপুৰীৰ পৰা ব্ৰয়লাৰ ক্ৰয় কৰাৰ বাবে  AS 19 AC 4227 নম্বৰৰ বলেৰো পিক আপখনত আহি থকা তিনি যুৱকক অইন এখন বাহনে আগভেটি লুটপাত চলায় ৷ ডকাইতৰ দলটোৰ আক্ৰমণত বলেৰো পিক আপ ভানৰ চালক হেমন্ত বৰ্মন আহত হোৱাৰ লগতে ২৫ হেজাৰ টকাৰ লগতে চাৰিটা মোবাইল লুট কৰি নিয়ে ৷ চালকসহ তিনিওজনে পলায়ন কৰাৰ পিছত ব’লেৰ পিক আপখন লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো ৷ আটাইকেইজনে দৌৰি ৰেলৱে  শ্ৰমিকৰ কেম্পত আশ্ৰয় লৈ আত্মৰক্ষা কৰিবলগীয়া হয় ৷ ইতিমধ্যে ব’লেৰ পিকআপখন ঘটনাস্থলীৰ পৰা কিছু নিলগত  বৰখাতাত উদ্ধাৰ হৈছে ৷ নম্বৰবিহীন বাহনত চোকা অস্ত্ৰ লৈ অহা দলটোৱে ব’লেৰ পিকআপ বাহনখনক পূৰ্বৰেপৰা অনুসৰণ কৰি অহা বুলি সন্দেহ ব্যক্ত কৰিছে চালকজনে ৷
Published by: Kokil Sarma
First published: July 20, 2021, 11:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি