বঙাইগাঁৱত এটিএমৰ ধন লুটৰ চেষ্টা ৷ নিশা চাটাৰ ভাঙি এমটিএমৰ ভিতৰত প্ৰৱেশ কৰি মেচিন ভাঙি লুট পাত চলোৱাৰ চেষ্টা চলাই দুৰ্বৃত্তৰ দলে ৷ কিন্তু সফল নহ'ল দলটো।
তহলদাৰী আৰক্ষীৰ দল উপস্থিত হোৱাৰ উমান পাই লগে লগে দুবৃৰ্ত্তৰ দলটোৱে পলায়ন কৰে ৷ দুৰ্বৃত্তৰ দলটোৱে ঘটনাৰ সময়ত এটিএমৰ বাহিৰৰ চিচি টিভি কেমেৰাসমুহ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে ভিতৰৰ চিচি টিভি কেমেৰাসমূহ কাপোৰেৰে ঢাকি ৰাখিছিল ৷ ইতিমধ্যে উত্তৰ বঙাইগাঁৱস্থিত এই এছবিআইৰ এটিএমটোত বেংকৰ বিষয়াবৰ্গৰ দল উপস্থিত হৈ জমা ধন অক্ষত থকা বুলি জানিবলৈ দিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷