মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Bomb Hoax in Chirang : চিৰাঙত 'মাটি বোমা' । '৩৬ হেণ্ড গ্ৰেণেড' বুলি লিখা সন্দেহজনক টোপোলাক লৈ আতংক। টোপোলাত ওলাল কি?

Bomb Hoax in Chirang : চিৰাঙত 'মাটি বোমা' । '৩৬ হেণ্ড গ্ৰেণেড' বুলি লিখা সন্দেহজনক টোপোলাক লৈ আতংক। টোপোলাত ওলাল কি?

News18 Assam | News18-Assam
Updated:May 30, 2021, 10:01 PM IST
Bomb Hoax in Chirang : চিৰাঙত 'মাটি বোমা' । '৩৬ হেণ্ড গ্ৰেণেড' বুলি লিখা সন্দেহজনক টোপোলাক লৈ আতংক। টোপোলাত ওলাল কি?
কাজলগাঁৱত বোমাৰ ঠাইত ওলাল মাটিৰ টুকুৰা।

কাজলগাঁৱত বোমাৰ ঠাইত ওলাল মাটিৰ টুকুৰা।

  • Share this:
চিৰাঙৰ কাজলগাঁৱত দেওবাৰে পুৱাৰ পৰাই সৃষ্টি হৈছিল বোমাতংকৰ। পুৱাতে পথৰ দাতিত উদ্ধাৰ হোৱা সন্দেহজনক সামগ্ৰীক লৈ বোমাতংকৰ সৃষ্টি হৈছিল ৷

কাজলগাঁও আদালতৰ কাষত পথৰ দাতিত উদ্ধাৰ হৈছিল এই সন্দেহজনক সামগ্ৰী ৷ '৩৬ হেণ্ড গ্ৰেণেড' বুলি লিখা কাগজৰ টোপোলা এটা দেখি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিছিল ৷ লগে লগে সমগ্ৰ এলেকাটোত লাগে হুৱা-দুৱা।

খবৰ পোৱাৰ লগে লগে গুৱাহাটীৰ পৰা বোমা বিশেষজ্ঞৰ দল ৰাওনা হয় ঘটনাস্থলীলৈ। তাৰ পাছতে কেইবা ঘণ্টা ধৰি অব্যাহত থকা শ্বাসৰুদ্ধকাৰী পৰিবেশৰ অৱসান ঘটে ৷

গ্ৰেণেড বুলি লিখা থকা কাগজৰ টোপোলাটোত বোমাৰ সলনি ওলাল মাটিৰ টুকুৰা ৷ গুৱাহাটীৰ পৰা অহা বোমা বিশেষজ্ঞৰ দলে উদ্ধাৰ কৰিলে বোমাৰ ঠাইত মাটিৰ টুকুৰা ৷

আৰক্ষীক বিপথে পৰিচালিত কৰা এই ঘটনাত জড়িত দুষ্ট চক্ৰক চিনাক্ত কৰি কঠোৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ ৷
Published by: Manjumoni Borah
First published: May 30, 2021, 9:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি