• Home
  • »
  • News
  • »
  • crime
  • »
  • Raj Kundra : ৰাজ কুন্দ্ৰাক লৈ শিল্পা শেট্টীৰ ঘৰত উপস্থিত ক্ৰাইম ব্ৰাঞ্চ, মুখামুখিকৈ কৰিব পাৰে জেৰা

Raj Kundra : ৰাজ কুন্দ্ৰাক লৈ শিল্পা শেট্টীৰ ঘৰত উপস্থিত ক্ৰাইম ব্ৰাঞ্চ, মুখামুখিকৈ কৰিব পাৰে জেৰা

শুকুৰবাৰে মুম্বাইৰ আদালতে ৰাজৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰিছে। তেওঁৰ সহযোগী ৰেয়ান থ’ৰ্পেও জিম্মাত থাকিব।

শুকুৰবাৰে মুম্বাইৰ আদালতে ৰাজৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰিছে। তেওঁৰ সহযোগী ৰেয়ান থ’ৰ্পেও জিম্মাত থাকিব।

শুকুৰবাৰে মুম্বাইৰ আদালতে ৰাজৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰিছে। তেওঁৰ সহযোগী ৰেয়ান থ’ৰ্পেও জিম্মাত থাকিব।

  • Share this:
ব্যৱসায়ী আরু অভিনেত্ৰী শিল্পা শেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)ক মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অশ্লীল ছবি নিৰ্মাণ আৰু কিছু এপৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল। এতিয়া ৰাজ কুন্দ্ৰাক লৈ মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ গল শিল্পা শেট্টীৰ ঘৰত উপস্থিত হৈছে। মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰা আৰু শিল্পা শেট্টীক মুখামুখিকৈ বহুৱাই জেৰা কৰাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে মুম্বাইৰ আদালতে ৰাজৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰিছে। তেওঁৰ সহযোগী ৰেয়ান থ’ৰ্পেও জিম্মাত থাকিব। ৰাজ কুন্দ্ৰাক ভায়খলা জে’লৰ পৰা ক’ৰ্টলৈ নিয়া হয়, য’ত আৰক্ষীৰ দলিল শুনাৰ পিছত আদালতে আৰক্ষীৰ জিম্মাৰ ম্যাদ ৫ দিনৰ বাবে বৃদ্ধি কৰে। মুম্বাই আৰক্ষীয়ে আদালতত ৰাজ কুন্দ্ৰাক ৭ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল। আৰক্ষীয়ে আদালতক জনায় যে এতিয়া এই ঘটনাৰ অধিক তদন্ত আৰু প্ৰমাণ লাভ কৰিবলৈ বাকী আছে, যাৰ বাবে সময়ৰ প্ৰয়োজন।

জানিব পৰা মতে, ৰাজ কুন্দ্ৰাৰ এপ Hotshotত পৰ্ণ ছবি নিৰ্মাণৰ বাবে প্ৰতিদিনে এটা নতুন What'sapp Group বনোৱা হৈছিল। আনহাতে, ৰাজ কুন্দ্ৰাই নিজৰ এই ব্যৱসায়ত অতি সন্তৰ্পণে খোজ দি আছিল। ৰাজে ভালদৰে জানিছিল যে ক্ৰাইম ব্ৰাঞ্চে তেওঁৰ বিৰুদ্ধে যিকোনো সময়ত অভিযান চলাব পাৰে, সেয়ে তেওঁৰ আইটি টীমে ২ টিবি ডাটা ডিলিট কৰিছিল।
Published by:Sanjay Kumar Das
First published: