২০০ কোটি টকাৰ ধন আত্মসাতৰ গোচৰত সুকেশ চন্দ্ৰ শেখৰ আৰু তেওঁৰ কথিত পত্নী অভিনেত্ৰী লীনা প’লক ইডিয়ে ঘেৰিবলৈ আৰম্ভ কৰিছে। এতিয়া এই গোচৰত নাম সাঙোৰ খাই পৰিছে বলিউড অভিনেত্ৰী ন’ৰা ফাতেহী (Nora Fatehi)। ইডিয়ে ন’ৰালৈ চমন পঠিয়াইছে। আজি দিল্লীস্থ ইডিৰ কাৰ্যালয়ত ন’ৰাক সোধা–পোচা কৰিবলৈ মাতি পঠিওৱা হৈছে। একেটা গোচৰত জেকলিন ফাৰ্ণাণ্ডেজলৈকো (Jacqueline Fernandez) গৈছে চমন।
ইতিমধ্যে ন’ৰা পুৱা ইডিৰ কাৰ্যালয়ত উপস্থিত হয়।
![]()
জানিব পৰা মতে, দিল্লীৰ তিহাৰ জেলৰ আৱদ্ধ মহাঠগ সুকেশ চন্দ্ৰশেখৰৰ দ্বাৰা ২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত দুয়োলৈ এই চমন গৈছে। আজি (১৪ অক্টোবৰ) ন’ৰা ফাতেহীক (Nora Fatehi) আৰু কাইলৈ (১৫ অক্টোবৰ) জেকলিনক ইডিয়ে সোধা–পোচা কৰিবলৈ মাতি পঠিয়াইছে।
ইডিৰ নটিচঃ![]()
চৰ্চা মতে ন’ৰাকো প্ৰৱঞ্চনাৰ জালত পেলোৱাৰ চেষ্টা কৰিছিল মহাঠগ সুকেশে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|