உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Firing: বোকাখাতত আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা কৰিছিল চোৰাং চিকাৰীয়ে, অৱশেষত আৰক্ষীৰ গুলী ভৰিত লাগি আহত চোৰাং চিকাৰী...

    Firing: বোকাখাতত আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা কৰিছিল চোৰাং চিকাৰীয়ে, অৱশেষত আৰক্ষীৰ গুলী ভৰিত লাগি আহত চোৰাং চিকাৰী...

    আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা চলাইছিল চোৰাং চিকাৰীটো। সেই সময়তে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় চিকাৰীটো ৷ লগতে অভিযানত যোৱা কনিষ্টবল জুৱেল গগৈয়ো গুৰুতৰভাৱে আহত হয় ৷

    আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা চলাইছিল চোৰাং চিকাৰীটো। সেই সময়তে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় চিকাৰীটো ৷ লগতে অভিযানত যোৱা কনিষ্টবল জুৱেল গগৈয়ো গুৰুতৰভাৱে আহত হয় ৷

    আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা চলাইছিল চোৰাং চিকাৰীটো। সেই সময়তে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় চিকাৰীটো ৷ লগতে অভিযানত যোৱা কনিষ্টবল জুৱেল গগৈয়ো গুৰুতৰভাৱে আহত হয় ৷

    • Share this:
    বোকাখাতত বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষী-চোৰাং চিকাৰীৰ সংঘৰ্ষ ৷ পানবাৰী ৰিজাৰ্ভ ফৰেষ্টত সংঘটিত হৈছে এই ঘটনা ৷

    মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা ১৩ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জেমী ৰিভলিউশ্বন্যৰী আৰ্মিৰ সদস্য তথা গঁড় হত্যাকাৰী থাংগৌসিং ভি খামফৌপক ৷ চিকাৰীটোৱে লুকুৱাই থোৱা মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত চিকাৰীটোক নিয়া অৱস্থাতে আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা চলাইছিল চোৰাং চিকাৰীটো। সেই সময়তে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় চিকাৰীটো ৷ লগতে অভিযানত যোৱা কনিষ্টবল জুৱেল গগৈয়ো গুৰুতৰভাৱে আহত হয় ৷ দুয়োকে বোকাখাতত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে JMCH ত ভৰ্তি কৰে ৷

    বুধবাৰে মাজনিশা বৰষুণৰ মাজতেই বোকাখাত আৰক্ষী থানাৰ পৰা চিকাৰীটোক গঁড় হত্যাত ব্যৱহৃত মৰণাস্ত্ৰ উদ্ধাৰৰ বাবে লৈ যোৱা হৈছিল ৷ চিকাৰীটোক লৈ আৰক্ষীৰ দলে পানবাৰী সংৰক্ষিত বনাঞ্চলত মাৰণাস্ত্ৰ বিচাৰি থাকোতেই হঠাৎ চিকাৰীটোৱে কনিষ্টবল জুৱেল গগৈৰ ওপৰত জপিয়াই পৰি বন্দুক কাঢ়ি লয় ৷ আৰক্ষীক লক্ষ্য কৰি গুলী কৰিব ধৰোতেই আৰক্ষীয়েও চিকাৰীটোৰ ভৰিত গুলী কৰাত চিকাৰীৰ লগতে কনিষ্টবলজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ কাজিৰঙাৰ গঁড় হত্যাৰ লগত দীৰ্ঘদিন ধৰি  জড়িত হৈছে আছে  মনিপুৰী উগ্ৰপন্থী ৷ পূৰ্বে NSCN (IM) ৰ সদস্য আৰু বৰ্তমানৰ JEMI REVOLETION ARMY ৰ এজন সদস্যক অসম আৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযানত গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছিল এই  এই তথ্য ৷ ২০২০ চনত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে নামৰ এটা গঁড় হত্যাকাৰীক গ্ৰেপ্তাৰৰ পাছতেই চিকাৰীটোৰ তথ্যৰ ভিত্তিক পাঠানক ১৯৫/২০ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই প্ৰথমে ৪ দিন আৰু পাছত ৬ দিনৰ জিম্মাৎ লৈছিল ৷ মণিপুৰত চলোৱা অভিযানৰ পোনপটীয়াকৈ নেতৃত্ব দিছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান  জি.পি.সিঙে ৷
    Published by:Kokil Sarma
    First published: