একে নম্বৰৰ দুখন ট্ৰাকে চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাত নগৰত। অবৈধ কাঠ কঢ়িয়াই অনা ট্ৰাক দুখনৰ নম্বৰো একে আৰু টিপি- চালানো একে ৷
১৬ জুনত গোলাঘাটৰ বোকাখাতত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত বোকাখাতত একে নম্বৰ পঞ্জীভুত চোৰাং কাঠসহ দুখন ট্ৰাক জব্দ কৰিছিল। দুয়োখনৰ ট্ৰাকৰে পঞ্জীয়ন নম্বৰ আছিল এএছ-০১-কেচি -৬৭৬৬ ৷ আনহাতে ট্ৰাক দুখনত থকা টিপি আৰু চালানো একেই ৷
কিন্তু চাৰি দিন অতিক্ৰম কৰাৰ পাছতো ঘটনাৰ সন্দৰ্ভত বৰ্তমানেও মুখ খোলা নাই গোলাঘাট বা বোকাখাত আৰক্ষীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ আৰক্ষীয়ে তথ্য লুকুওৱাৰ চেষ্টা কৰাৰ বা মেনেজ কৰিব বিচৰাৰহে অভিযোগ কৰিছে ৰাইজে ৷ কিন্তু কেনেকৈ একে নম্বৰৰ দুখন ট্ৰাক পঞ্জীয়ন কৰিলে ৰাজ্যৰ বিয়াগোম পৰিবহণ বিভাগে সেয়াহে এতিয়া লাখটকীয়া প্ৰশ্ন।
দুয়োখন ট্ৰাকৰ চালকৰ এজন পলায়ন কৰে যদিও আনজন চালকক আটক কৰে। কিন্তু আটকাধীন চালকজনক কৌশলেৰে সাংবাদিকৰ পৰা আঁতৰাই ৰাখিছে আৰক্ষীয়ে ৷ অভিযোগ মতে, যোৰহাটৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াতে এই বিয়াগোম অবৈধ কাঠৰ চোৰাং ব্যৱসায় চলি আছে বুলি সৰ্বত্ৰ চৰ্চা চলিছে ৷