বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বহুকেইটা অঞ্চলত সন্ত্ৰাস চলাৱা এটা চোৰ অৱশেষত আৰক্ষীৰ জালত। অঞ্চলটোৰ বহুকেইটা ঘৰত চোৰটোৱে গৃহস্থ নথকাৰ সুযোগ লৈ তলা ভাঙি ঘৰত প্ৰৱেশ কৰি সোণৰ আ-অলংকাৰ, নগদ ধন আদি কৰি বহু মূল্যৱান সামগ্ৰী লৈ উধাও হোৱা ঘটনাই বোকাজানত চাঞ্চল্যৰ সৃষ্টি কৰি আহিছিল।
অৱশেষত বোকাজান আৰক্ষীৰ জালত পৰিল চোৰটো। ধৃত চোৰটোৰ স্বীকাৰোক্তি অনুসৰি বোকাজানৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰতো বহু দিনৰ পৰা চুৰি কাৰ্য সংঘটিত কৰি আহিছিল।
ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে এটা মোবাইল, এটা এপলৰ টেবলেট, দুখন আধাৰ কাৰ্ড, গলিত অৱস্থাত থকা সোণ, নগদ ধনৰ লগতে যথেষ্ট পৰিমাণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । ধৃত চোৰটোৱে চুৰি কৰা আ-অলংকাৰসমূহ মাঞ্জা থানাৰ অন্তৰ্গত এখন সোণাৰী দোকানত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে।
চোৰৰ ঘৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মোককচাঙত। যোৱা প্রায় দুবছৰ ধৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত নামী-দামী হোটেলত বাহৰ পাতি চুৰি কাৰ্য সংঘটিত কৰি আহিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|