এটা মৃতদেহ এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ল। পাছত আকৌ এবাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশা আৰক্ষীয়ে লৈ যায় মৃতদেহ। কিন্তু কিয় ঘটিছে এনে ঘটনা ? কাৰ গাফিলতিত এনে ঘটনা হ'বলৈ পালে? পৰিয়ালৰ লোকে বিচাৰিছে তদন্ত।
এটা মৃতদেহক লৈ এই তীব্ৰ চাঞ্চল্যকৰ ঘটনা ঘটিছে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ মাজৰ পাগলাহাটত। মৃতদেহটো আৰিফা খাতুন নামৰ এগৰাকী মহিলাৰ।
শনিবাৰে আৰিফাই চিপ লৈ আত্মহত্যা কৰা বুলি স্বামীগৃহৰ লোকে আৰিফাৰ পিতৃগৃহত জনায়। কিন্তু মৃতদেহ দেখি এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰে পিতৃগৃহৰ লোকে। পিতৃ পৰিয়ালে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়ে যদিও কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে মৰণোত্তৰ পৰীক্ষা নকৰাত আৰক্ষীয়ে পিতৃগৃহৰ লোকক মৃতদেহটো গতাই দিয়ে।
মৰণোত্তৰ পৰীক্ষা নকৰাত পিতৃগৃহৰ লোকে ক্ষুব্ধ হৈ মৃতদেহটো পুনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায় । আৰিফাৰ স্বামীগৃহৰ লোকে ডাক্তৰক মেনেজ কৰি এনে ঘটনা সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে আৰিফাৰ পিতৃগৃহৰ লোকে।
আনহাতে মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰালৈকে মৃতদেহটো সৎকাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰিফাৰ অভিভাৱকে । পিছত পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা মৃতকৰ ঘৰত উপস্থিত হৈ মৃতদেহটো পুনৰায় মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।
কিহৰ ভিত্তিত হত্যাৰ অভিযোগ থকা এটা মৃতদেহ ডাক্তৰ আৰু আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা নকৰাকৈ অভিভাৱকক চমজাই দিলে সেয়া এতিয়াও ৰহস্য অৱৰ্তত ।
আৰিফা আছিল ধুবুৰী জিলাৰ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত দফৰপূৰ গাঁৱৰ আব্দুল আজিজৰ কন্যা।
দুবছৰ পূৰ্বে আৰিফা খাতুনৰ বিয়া হয় কোকৰাঝাৰৰ জলডোৱা দ্বিতীয় খণ্ড গাঁৱৰ হোসেন আলীৰ লগত। বিয়াৰ পিছৰে পৰা যৌতুকক কেন্দ্ৰ কৰি আৰিফাক স্বমীগৃহৰ লোকে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা বুলি অভিযোগ আৰিফাৰ পিতৃগৃহৰ। সময়ে সময়ে যৌতুক দিও আহিছে আৰিফাৰ পৰিয়ালে। আকৌ স্বামীৰ পৰিয়ালে মটৰচাইকেল বিচৰাত আৰিফাৰ দূখীয়া দেউতাকে সময় বিচাৰিছিল আৰিফাৰ স্বামীৰ পৰিয়ালৰ পৰা। এই অভিযোগ আৰিফাৰ পিতৃ পৰিয়ালৰ। ইয়াৰ মাজতে এটা পুত্ৰ সন্তান জন্ম দি গৈছে আৰিফাই। শিশুটিৰ বয়স মাত্ৰ ওঠৰ দিন হৈছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 01, 2021, 12:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।