মহানগৰীৰ ফাঁচিবজাৰৰ ৰাজহংস হোটেলত অঘটন৷ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ৷ ১৪ জানুৱাৰীত হোটেলখনৰ ২০৬ নম্বৰ কোঠাটো ভাড়ালৈ লৈছিল এহাল স্বামী–স্ত্ৰীয়ে। গোৱালপাৰা লক্ষীপুৰৰ বাসিন্দা ফইজুদ্দিন আৰু ফইজুদ্দিনৰ পত্নী তচলিমা খাতুনে লৈছিল কোঠাটো৷
বিগত প্ৰায় ১০ দিন পূৰ্বৰে পৰা মহানগৰীৰ ফাচিবজাৰৰ ৰাজহংস হোটেলখনত একেলগে আছিল স্বামী–স্ত্ৰী৷ সোমবাৰে সন্ধিয়া হোটেললৈ স্বামী–স্ত্ৰীয়ে বাহিৰৰ পৰা অহা প্ৰত্যক্ষ কৰিছিল হোটেল কৰ্তৃপক্ষই৷ পিছে মঙলবাৰৰ দিনটোত তেওঁলোকক দেখা নাছিল হোটেল কৰ্তৃপক্ষই৷ বুধবাৰে হোটেলৰ ৰুম চাফা কৰিবলৈ পুৱা ৰুমলৈ গৈছিল হোটেলৰ চকীদাৰ৷ বাহিৰত তলা লগা অৱস্থাত থকা ৰুমটোত হোটেলৰ দ্বিতীয় চাবিৰে খুলিছিল ৰুমটো৷
ৰুমটো খুলি প্ৰত্যক্ষ কৰিছিল পকাত পৰি থকা এটা মৃতদেহ৷ পাতল কাপোৰেৰে ঢাকি ৰখা অৱস্থাত আছিল মৃতদেহটো৷ তাৰ পিছতে লাগিল হুৱাদুৱা৷ ফাঁচিবজাৰ আৰক্ষী, দণ্ডাধীশ সহ ফৰেনছিক দলে তদন্ত অ্যাহত ৰাখিছে এই ঘটনাৰ। মহিলাগৰাকীৰ স্বামী বৰ্তমান পলাতক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|