আজি শুৱালকুছিৰ ৰাজপথত এটি মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । উদ্ধাৰ হোৱা মৃতদেহটো ৰিক্সাচালক দুৰ্গা শইকীয়াৰ বুলি জানিব পৰা গৈছে। শুৱালকুছিত দীৰ্ঘদিন ধৰি পৰিয়ালসহ ভাড়াতীয়া হিচাপে বাস কৰি অহা লোকজনে কালি পৰিয়ালৰ লোকে নিশাৰ আহাৰ গ্ৰহণৰ পিছতে ঘৰৰ পৰাই ওলাই আহে যদিও নিশা ঘৰলৈ ঘূৰি যোৱা নাছিল।
নিশা ঘৰলৈ ঘূৰি নোযোৱা ৰিক্সাচালক দুৰ্গা শইকীয়াৰ অৱশেষত দিনৰ ভাগত মৃতদেহটো উদ্ধাৰ হয় এখন ৰিক্সাত ওলমি থকা অৱস্থাত। লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া ৰহস্যৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত।
শুৱালকুছি হাস্পতাল চ’কত ৰিক্সাৰ ওপৰতে উদ্ধাৰ হোৱা মৃতদেহটোৰ অৱস্থিতি দেখাৰ পিছত পৰিয়াল লোকে নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি ৰিক্সাৰ ওপৰতে এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে।
ইতিমধ্যে ঘটনাস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।