মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Baksa News : নিৰুদ্দিষ্ট বুলি ভাবি থকা লোকক দুমাহৰ মূৰত উদ্ধাৰ মাটিৰ তলত, বাক্সাত বন্দনা কাণ্ড সদৃশ ঘটনা

Baksa News : নিৰুদ্দিষ্ট বুলি ভাবি থকা লোকক দুমাহৰ মূৰত উদ্ধাৰ মাটিৰ তলত, বাক্সাত বন্দনা কাণ্ড সদৃশ ঘটনা

স্থানীয় আৰক্ষীয়ে নিৰুদ্দেশৰ ঘটনাটোক গুৰুত্ব প্ৰদান কৰা নাছিল বুলি অভিযোগ

স্থানীয় আৰক্ষীয়ে নিৰুদ্দেশৰ ঘটনাটোক গুৰুত্ব প্ৰদান কৰা নাছিল বুলি অভিযোগ

স্থানীয় আৰক্ষীয়ে নিৰুদ্দেশৰ ঘটনাটোক গুৰুত্ব প্ৰদান কৰা নাছিল বুলি অভিযোগ

  • Share this:

বাক্সাৰ শালবাৰীত চাঞ্চল্যকৰ ঘটনা। নিৰুদ্দিষ্ট বুলি ভাবি থকা লোকক হত্যা কৰাৰ ঘটনাক লৈ এই চাঞ্চল্য। নিৰুদ্দেশৰ দুমাহ দহ দিনৰ পিছত গাঁত খান্দি উলিওৱা হ'ল মৃতদেহ ৷


শালবাৰী মহকুমাৰ উত্তৰ ভকুৱামাৰীৰ লালচান আলী নামৰ লোক এজন নিৰুদ্দেশ হৈ আছিল যোৱা বৰ্ষৰ ১৮ ডিচেম্বৰৰ পৰা। নৰসিংবাৰীত শহুৰেকৰ ঘৰ আছিল নিৰুদ্দিষ্ট লালচান আলীৰ৷ তদুপৰি পত্নী আৰু দুই খুলশালীয়েকৰ লগত আছিল লালচান আলীৰ পাৰিবাৰিক সংঘাত৷ মাটি-বাৰীক লৈও শহুৰেকৰ ঘৰৰ লগত ভিতৰুৱা সংঘাত আছিল লালচান আলীৰ৷ পিছত লালচান আলী নিৰুদ্দেশ হয় আৰু তেওঁৰ পৰিয়ালে গোৱৰ্ধনা থানাত দাখিল কৰে এজাহাৰ৷


কিন্তু প্ৰথমাৱস্থাত আৰক্ষীয়ে নিৰুদ্দেশৰ ঘটনাটোক গুৰুত্ব প্ৰদান কৰা নাছিল যদিও শেহতীয়াভাৱে আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াক লালচানৰ ভাতৃ তথা এজাহাৰকাৰী হাইদৰ আলীয়ে ঘটনাৰ কথা অৱগত কৰে। তাৰ পিছতে গোৱৰ্ধনা আৰক্ষীয়ে সোধা-পোছাৰ বাবে লালচানৰ পত্নী মনোৱাৰা খাতুনসহ দুই খুলশালীয়েক আহমদ আলী আৰু হুছেইন আলীক আটক কৰে৷ কেইবাবাৰো আৰক্ষীয়ে তেওঁলোকক থানালৈ নি সোধা-পোছা অব্যাহত ৰখাৰ পিছত ওলাই পৰে আচল ঘটনা।


শেহতীয়াকৈ আৰক্ষীৰ শেহতীয়া তদন্তত লালচানৰ দুই  খুলশালীয়েক আহমদ আলী আৰু হুচেইন আলীয়ে চুবুৰীয়া কাচেম খান আৰু আমীন আলীৰ লগত মিলি লালচান আলীক হত্যা কৰা বুলি পোহৰলৈ আহে ৷ হত্যাৰ পিছতে দুৰ্গম স্থানত পুতি থৈছিল লালচান আলীক।
শালবাৰী মহকুমাৰ অত্যন্ত দুৰ্গম এলেকা চামৰাংগুৰিৰ "ফৰিঙৰ বাগান" নামৰ জংঘলত পুতি থোৱা হৈছিল লালচানৰ মৃতদেহ ৷


ইতিমধ্যে হত্যাকাৰী আহমদ আলীক লগত লৈ কালি বিয়লি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে দণ্ডাধীশৰ উপস্থিতিত  খান্দি উলিয়ায় লালচান আলীৰ পুতি থোৱা মৃতদেহ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নজন লোকক আটক কৰা বুলি জানিব পৰা হৈছে৷

শেহতীয়া বাতৰি