ৰাজ্যত চলিছে অপৰাধৰ ধাৰাবাহিকতা। এটাৰ পিছত আনটো অপৰাধে চুই গৈছে ৰাজ্যখনক (crime in the state)। আজি ডিব্ৰুগড় চহৰ (Dibrugarh city)ৰ মল খুবচা অঞ্চলত এটা ঘৰত উদ্ধাৰ হয় এগৰাকী পুৰুষ আৰু মহিলাৰ মৃতদেহ। পুৰুষগৰাকীক সুধীৰ গগৈ বুলি চিনাক্ত কৰাৰ লগতে মহিলাগৰাকী হৈছে কাজল চুংকাং।
সুধীৰ গগৈক হাত-ভৰিত টায়াৰেৰে বান্ধি মূৰত টাৱাৰে মৰিয়াই হত্যা কৰা হয়। হত্যা কৰি তেওঁক নিজৰ শোৱনি কোঠাত শুৱাই থৈ মৃতদেহৰ ওপৰত লেপ এখন ঢাকি থয়। আনহাতে ঘৰটোৰে আনটো কোঠাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়, তেওঁক গলত চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য, ঘৰৰ মালিক সুধীৰ গগৈ উক্ত ঘৰটোত ৭ বছৰ ধৰি আছিল আৰু মহিলাগৰাকী আছিল তেওঁৰ ঘৰৰ ভাৰাতীয়া। মহিলাগৰাকী কেইদিনমান আগেয়ে আহি উক্ত ঘৰৰ আন কোঠাত দুই সন্তান তথা স্বামীসহ থাকিবলৈ লয়।
ইপিনে এই হত্যাকাণ্ড কাজলৰ স্বামী ৰাজীৱ চুংকাঙে সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে কাজলৰ ৭ বছৰীয়া সন্তানে। আৰক্ষীয়ে অভিযুক্ত ৰাজীৱৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। হত্যাকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। আনহাতে সুধীৰ গগৈক হাত-ভৰিত বান্ধি কেৱল এজন মানুহৰ পক্ষে হত্যা কৰাটো সম্ভৱ নহয় হেতুকে এই ঘটনা একাধিক লোক জড়িত থকাৰ সম্ভাৱনা আছে। আৰক্ষীৰ তদন্তত ঘটনা ৰহস্য ওলাই পৰাৰ আশা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|