ৰাজ্যত অব্যাহত আছে চোৰাং সাৰৰ ৰমৰমীয়া ব্যৱসায় ৷ প্ৰতিদিনে চৰকাৰী ৰাজসাহায্যপ্ৰাপ্ত ইউৰিয়া সাৰ বৃহৎ দামৰ বিনিময়ত গোপনে বিক্ৰী হৈছে ক'লা বজাৰত৷ চোৰাং সাৰৰ ক'লা সাম্ৰাজ্য চলি থকাৰ সময়তে আজি নিশা হোজাইৰ নীলবাগানত জব্দ হয় চোৰাং সাৰভৰ্তি এখন ট্ৰাক ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ NL-01-AB-1503. নীলবাগানৰ মোবাৰকবস্তিৰ পেট্ৰ'ল পাম্পত ৰখাই থোৱা অৱস্থাত মোৰাঝাৰ আৰক্ষীয়ে জব্দ কৰে সাৰভৰ্তি ট্ৰাকখন৷ ট্ৰাকখনত প্ৰায় 500 বস্তা সাৰ লোড আছে বুলি জানিব পৰা গৈছে৷
মোৰাঝাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত চলোৱা অভিযানত ট্ৰাকখনৰ চালকে পলায়ন কৰে যদিও সহচালকজনক আৰক্ষীয়ে আটক কৰে৷ অভিযোগ মতে ৰেজাক নামৰ চালকজনে সাৰখিনি বহিঃৰাজ্যলৈ চোৰাংভাৱে সৰবৰাহ কৰি ক'লা বজাৰত বিক্ৰী কৰাৰ সন্দেহ কৰিছে ৰাইজে৷ ইতিমধ্যে ৰেজাক নামৰ চালকজনে পলায়ন কৰাত আৰক্ষীয়ে বেলেগ চালকৰ জৰিয়তে গাড়ীখন মোৰাঝাৰ থানালৈ লৈ যায়৷
উল্লেখ্য যে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দীৰ্ঘদিনৰ পৰা এটা চক্ৰই সাৰ ছিণ্ডিকেট চলাই আহিছে৷ হোজাইৰ পৰা এনেদৰে ৰাজসাহায্যপ্ৰাপ্ত চৰকাৰী সাৰ সংগ্ৰহ কৰি বহিঃৰাজ্যত এই চক্ৰটোৱে অধিক দামত বিক্ৰী কৰি আহিছে সাৰসমুহ৷ আৰক্ষীয়ে উচিত তদন্ত কৰিলে চোৰাং সাৰৰ ব্যৱসায়ৰ এটা বৃহৎ চক্ৰ জালত পৰাৰ সম্ভাৱনা আছে৷
আনহাতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হোজাই জিলাৰ সাধাৰণ সম্পাদক ছাইদুল ইছলামে কয় যে ৰাসায়নিক সাৰৰ নামত হোজাই জিলাত চলিছে বৃহৎ ছিণ্ডিকেট চক্ৰ। সাৰৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ অসাধু ব্যৱসায়ী সকলে চলাইছে লুণ্ঠনৰাজ। কৃষকে কৃষিকাৰ্যত ব্যৱহাৰ কৰা IFFCO, MUKTA, ইউৰিয়াৰ লগতে বিভিন্ন সাৰ বিচাৰি সাধাৰণ কৃষক ৰাইজে হাবাথুৰি খাইছে বুলি অভিযোগ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতিয়ে সাৰ ভৰ্তি গাড়ীখনৰ নথি-পত্ৰ শুদ্ধকৈ তদন্ত কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|