মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Black Man Terror : পিছলা মানুহ, ষ্টোন মেনৰ পিছত ক'লা মানুহৰ আতংক ৷ ৰাইজে ধৰি গতালে সন্দেহজনক ব্লেক মেন।

Black Man Terror : পিছলা মানুহ, ষ্টোন মেনৰ পিছত ক'লা মানুহৰ আতংক ৷ ৰাইজে ধৰি গতালে সন্দেহজনক ব্লেক মেন।

News18 Assam | News18-Assam
Updated:July 18, 2021, 2:10 PM IST
Black Man Terror : পিছলা মানুহ, ষ্টোন মেনৰ পিছত ক'লা মানুহৰ আতংক ৷ ৰাইজে ধৰি গতালে সন্দেহজনক ব্লেক মেন।
বঙাইগাঁৱত আটক ক'লা মানুহ ! ক'লা মানুহৰ ভয়ত গাঁৱত পোহৰা দি থকা লোকে কৰায়ত্ত কৰি আৰক্ষীক গোটালে সন্দেহযুক্ত লোকক ৷

বঙাইগাঁৱত আটক ক'লা মানুহ ! ক'লা মানুহৰ ভয়ত গাঁৱত পোহৰা দি থকা লোকে কৰায়ত্ত কৰি আৰক্ষীক গোটালে সন্দেহযুক্ত লোকক ৷

  • Share this:
ক'লা মানুহ (Black Man)ৰ আতংক (Terror)ৰ মাজতে বঙাইগাঁৱৰ বইটামাৰীত চাঞ্চল্যকৰ ঘটনা ৷ ক'লা মানুহৰ ভয়ত পোহৰা দি থকা লোকে আটক কৰিলে এজন সন্দেহজনক লোকক ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে কায়েথপাৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত লোকজনক আৰক্ষীক চমজাই দিয়ে ৷

অপৰিচিত লোকজনে ক'লা পোছাক পৰিধান কৰি গাঁওখনত প্ৰৱেশ কৰাৰ পিছতে ক'লা মানুহৰ ভয়ত পোহৰা দি থকা লোকসকলে কৰায়ত্ত কৰে ৷ আটকাধীন লোকজনৰ লগত আৰু চাৰিজন লোক আছিল বুলি  গাঁওৰক্ষী বাহিনীয়ে জানিব দিছে যদিও বাকীসকলেৰ শুংসূত্ৰ উদ্ধাৰ হোৱা নাই ৷ সম্প্ৰতি লোকজনৰ বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

আটকাধীন লোকজনৰ ঘৰ বাংলাদেশ (Bangladesh)ত বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে যদিও বৰ্তমানলৈ প্ৰকৃত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ঘটনাৰ খবৰ পাই জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ বঙাইগাঁৱৰ বিভিন্ন অঞ্চলত ক'লা মানুহৰ আতংক চলি থকিৰ ফলত আৰক্ষী প্ৰশাসনে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ হাতত লোৱা বুলি আৰক্ষী বিষয়াজনে জানিব দিয়ে ৷ আনহাতে, গাঁৱসমুহত আৰক্ষীৰে যোগাযোগ কৰি পহৰাৰ ব্যৱস্থা কৰাৰ লগতে যিকোনো পৰিস্থিতিতে আইন হাতত তুলি নল'বলৈ তেঁও ৰাইজক আহ্বান জনায় ৷
Published by: Manjumoni Borah
First published: July 18, 2021, 2:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি