বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত এতিয়াও অন্ধবিশ্বাস আৰু উৰা বাতৰিৰ কৱলৰ পৰা মুক্ত হ'ব পৰা নাই একাংশ জনসাধাৰণ। নামনি অসমত ক'লা মানুহক লৈ প্ৰচাৰিত উৰা বাতৰি এতিয়া সচেতন মহলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে ।
বঙাইগাঁৱত ক'লা মানুহৰ সন্দেহত মানসিকভাৱে অসুস্থ এগৰাকী যুৱতীক পকী খুঁটাত বান্ধি নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই সমগ্ৰ ঘটনা ৷
বুধবাৰে সন্ধিয়া বঙাইগাঁও জিলাৰ গেৰুকাবাৰী উপ আৰক্ষী চকীৰ মৌতাৰাত ক'লা মানুহৰ সন্দেহত সংঘটিত হ'ল এই মৰেল পুলিচগিৰিৰ জঘন্য ঘটনা। গাঁৱখনত ঘৰৰ পকী খুটাত বান্ধি নিৰ্যাতন চলোৱা হ'ল মানসিকভাৱে অসুস্থ এগৰাকী যুৱতীক।
মানৱ সমাজক লজ্জানত কৰি এখন গাঁৱৰ ৰাইজে এগৰাকী শাৰীৰিকভাৱে বাধাগ্ৰস্ত যুৱতীক খুঁটাত বান্ধি নিৰ্যাতন চলাই প্ৰদৰ্শন কৰিলে চৰম বীৰত্বৰ। বিজনী চহৰৰ যুৱতীগৰাকী ঈদ উপলক্ষে ঘৰৰ পৰা বান্ধৱীৰ ঘৰলৈ গৈ থকা অৱস্থাত পথ হেৰুৱাই গাঁৱখনত প্ৰৱেশ কৰিছিল৷
পৰৱৰ্তী সময়ত যুৱতীগৰাকীক স্থানীয় একাংশ লোকে ক'লা মানুহ বুলি সন্দেহ কৰি নিৰ্যাতন চলায়। পিছত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে। এই সংক্ৰান্তত SFI আৰু আমছুৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনাগত দিনত অন্ধবিশ্বাস বা উৰাবাতৰিৰ পৰা ৰাইজক মুক্ত কৰাৰ বাবে প্ৰশাসনক আহ্বান জনায় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|