মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»বঙাইগাঁৱত ঘূৰি ফুৰিছে BLACK MAN ! নিশা হ'লেই লাঠি লৈ ওলাই আহে ৰাইজ, কি ঠিক কাৰ ঘৰত সোমাই 'ব্লেক মেন'...

বঙাইগাঁৱত ঘূৰি ফুৰিছে BLACK MAN ! নিশা হ'লেই লাঠি লৈ ওলাই আহে ৰাইজ, কি ঠিক কাৰ ঘৰত সোমাই 'ব্লেক মেন'...

News18 Assam | News18-Assam
Updated:July 17, 2021, 8:19 AM IST
বঙাইগাঁৱত ঘূৰি ফুৰিছে BLACK MAN ! নিশা হ'লেই লাঠি লৈ ওলাই আহে ৰাইজ, কি ঠিক কাৰ ঘৰত সোমাই 'ব্লেক মেন'...
ক'লা মানুহৰ আতংকই ছানি ধৰিছে বঙাইগাঁও , চিৰাঙকে ধৰি নামনি অসমৰ বিভিন্ন জিলাত ৷

ক'লা মানুহৰ আতংকই ছানি ধৰিছে বঙাইগাঁও , চিৰাঙকে ধৰি নামনি অসমৰ বিভিন্ন জিলাত ৷

  • Share this:
ব্লেড মেন , পিছলা মানুহৰ পিছত নামনি অসমত এইবাৰ ক'লা মানুহৰ আতংক ৷ নামনি অসমৰ বঙাইগাঁও , চিৰাঙকে ধৰি বিভিন্ন জিলাত এতিয়া ক'লা মানুহৰ আতংক ৷ সন্ধ্যা হ’লে গাঁওবাসীৰ মাজত নামি আহে ভয় আৰু আতংকৰ পৰিবেশ ৷ আন্ধকাৰ নামি অহাৰ লগে লগে আতংকিত গঞাই ওলাই আহে দাং লাঠি লৈ ৷

শেহতীয়াভাৱে ক'লা মানুহৰ ভয়ত বহুতেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ ক'লা মানুহে হাতত চোকা অস্ত্ৰ লৈ গৃহস্থৰ ঘৰৰ দুৱাৰ খিৰকি ভাঙি আক্ৰমণ আৰু সা সম্পত্তি লুট কৰি নিয়াৰ দৰে উৰা বাতৰি প্ৰচাৰ হৈ থকাত গাঁওবাসী আতংকিত হৈ পৰিছে ৷ নিজৰ পৰিয়াল তথা গাঁওবাসীৰ সুৰক্ষাৰ বাবে গাঁৱে গাঁৱে নিশা পহৰা দিয়া পৰিলক্ষিত হৈছে ৷ আতংকিত গাঁওবাসীয়ে নিজ গাঁৱৰ ভিতৰত অচিনাকী বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ৷ ইতিমধ্যে গাঁওসমুহত সক্ৰিয় হৈ পৰিছে গাঁওৰক্ষী বাহিনী ৷ ক’ৰোণা মহামাৰীৰ আতংকৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি কলা মানুহে আতংকই গঞাৰ টোপনি হৰণ কৰা পৰিলক্ষিত হৈছে ৷
Published by: Kokil Sarma
First published: July 17, 2021, 8:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি