অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল উজনিৰ চোৰাং গৰু ছিণ্ডিকেট (Cow Syndicate)ৰ মাষ্টাৰ মাইণ্ড। দেওবাৰে সন্ধিয়া চোৰাং গৰু সৰবৰাহৰ অন্যতম মাষ্টাৰ মাইণ্ড ছত্ৰধৰ গগৈ সহ মুঠ চাৰিটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
অভিযুক্ত ছত্ৰধৰ গগৈ বিজেপি (BJP)ৰ থাওৰা পানীদিহিং অ'বিচি মৰ্চাৰ (BJP OBC Morcha) সম্পাদক । উজনি অসমৰ পৰা কণ্টেইনাৰ যোগেদি গৰুৰ চোৰাং ব্যৱসায়ৰ নেতৃত্ব দিছিল ছত্ৰধৰ গগৈয়ে।
শিৱসাগৰ আৰক্ষী অধীক্ষক (Sivasagar SP) ৰাকেশ ৰোছনৰ নিৰ্দেশত ছত্ৰধৰ গগৈৰ লগতে গ্ৰেপ্তাৰ কৰে থাঁওৰা দৌল, ডিমৌ দাদুল আলী, ডিমৌৰ কলীয়া আলী আৰু ডিমৌৰ জাবাদ আলীক ।
চাৰিজন ধৃত ব্যক্তিক শিৱসাগৰ সদৰ থানাত গোচৰ নং 26/2022 U/S 353/379/279 IPC R/ W sec 13 Assam Cattle Preservation Act ভিত্তিত গ্ৰেপ্তাৰ কৰে ।
উল্লেখযোগ্য যে বিগত বিধান সভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপি দলত যোগ দিছিল ছত্ৰধৰ গগৈয়ে। শিৱসাগৰৰ ৰাজমাই , দিচাংমুখৰ লগতে ডিব্ৰুগড়, লক্ষীমপুৰৰ গৰু ছিণ্ডিকেটৰ মূল নায়ক আছিল ছত্ৰধৰ গগৈ ।
বিধায়ক সুশান্ত বৰগোহাঁই (Sushanta Borgohain)ৰ ঘনিষ্ঠ বুলি জনাজাত ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰা ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|