মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »পশ্চিমবংগ আৰক্ষীৰ জালত ভাস্কৰ চক্ৰৱৰ্তী, চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি দিম বুলি ধন লৈছিল ৫০ লাখ!

পশ্চিমবংগ আৰক্ষীৰ জালত ভাস্কৰ চক্ৰৱৰ্তী, চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি দিম বুলি ধন লৈছিল ৫০ লাখ!

ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ভাস্কৰ চক্ৰৱৰ্তী

ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ভাস্কৰ চক্ৰৱৰ্তী

ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ভাস্কৰ চক্ৰৱৰ্তী

  • Share this:

প্ৰৱঞ্চনাৰ জাল পেলাই পশ্চিম বংগ আৰক্ষীৰ (Kolkata Police) জালত ভাস্কৰ চক্ৰবৰ্তী ৷ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবদ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ পৰা  লক্ষাধিক টকা সংগ্ৰহৰ অভিযোগ আছে চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৷ বৰ্তমানে ভাৰতীয় জনতা পাৰ্টীৰ (BJP) কিষাণ মৰ্চাৰ উপ সভাপতিৰ দায়িত্বত থকা ভাস্কৰে চলাইছিল প্ৰৱঞ্চনা-প্ৰতাৰণাৰ জাল ৷


 পিছে, দুৰ্নীতি, লুণ্ঠনৰ সম্ৰাট ভাস্কৰৰ বেহা বেছি দিন নচলিল ৷ এশ গৰু মাৰিলে বাঘৰো মৰণৰ দৰে পশ্চিম বংগ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ভাস্কৰ।


কলকাতা গল্ফ গ্ৰীন থানাত ২০ /২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছে ভাস্কৰৰ বিৰুদ্ধে ৷ প্ৰৱঞ্চনাৰ জাল পেলোৱা ভাস্কৰক শনিবাৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়ধীশ আদালতত হাজিৰ কৰি লৈ যোৱা হয় কলকাতালৈ ৷


উল্লেখ্য, ভাৰতীয় কিষাণ মৰ্চাৰ নামফলক লৈ বহিঃৰাজ্যত প্ৰৱঞ্চনা কৰা ভাস্কৰৰ লতাশিল থানাতো আছে আন এক গোচৰ ৷  

শেহতীয়া বাতৰি