মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Arunachali Wine Seized : থানাই থানাই উঠিছে সুৰাৰ বটলৰ উজান। ৬ খন থানাত হাজাৰ বটল সুৰাৰ মেলা!

Arunachali Wine Seized : থানাই থানাই উঠিছে সুৰাৰ বটলৰ উজান। ৬ খন থানাত হাজাৰ বটল সুৰাৰ মেলা!

News18 Assam | News18-Assam
Updated:July 1, 2021, 2:41 PM IST
Arunachali Wine Seized : থানাই থানাই উঠিছে সুৰাৰ বটলৰ উজান। ৬ খন থানাত হাজাৰ বটল সুৰাৰ মেলা!
আৱকাৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে শেহতীয়াকৈ বিশ্বনাথ অবৈধ অৰুণাচলী সুৰাৰ ঘাটি হিচাবে পৰিগণিত হৈছে ৷

আৱকাৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে শেহতীয়াকৈ বিশ্বনাথ অবৈধ অৰুণাচলী সুৰাৰ ঘাটি হিচাবে পৰিগণিত হৈছে ৷

  • Share this:
লকডাউনৰ সময়ত সুৰাৰ দোকান সমূহ বন্ধ হৈ থকাৰ বাবে বহুতেই অবৈধভাৱে সুৰা মজুত কৰি চৰা দামত বিক্ৰি কৰি মুনাফা লুটাৰ ৰমৰময়া বেপাৰ কৰি আছে ৷ এনে অবৈধ অৰুণাচলী সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অৱ্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে ৷ বিশ্বনাথ জিলাৰ ৬ খন আৰক্ষী থানা আৰু লগতে আৰক্ষী চকী সমূহে একেদিনাই অভিযান চলাই এহেজাৰতকৈ অধিক অবৈধ সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

ইটাখোলা, বিশ্বনাথ চাৰিআলি, বৰগাং, গহপুৰ আদি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে কেইবাজনো লোকক ৷ আনহাতে আৱকাৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে শেহতীয়াকৈ বিশ্বনাথ অবৈধ অৰুণাচলী সুৰাৰ ঘাটি হিচাবে পৰিগণিত হৈছে ৷ শেহতীয়াকৈ আৰক্ষী বিভাগে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছতেই একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে পলাই ফুৰিবলৈ  বাধ্য হৈছে ৷

অবৈধ সুৰা আৰু ড্ৰাগছ মুক্ত বিশ্বনাথ গঢ়াৰ সংকল্প গ্ৰহণ কৰা বিশ্বনাথ আৰক্ষীৰ এই অভিযান অনাগত দিনত অৱ্যাহত থাকিব বুলি উপ আৰক্ষী অধিক্ষক জয়ন্ত বৰুৱাই জানিবলৈ দিছে ৷
Published by: Manjumoni Borah
First published: July 1, 2021, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি