ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বিশ্বনাথ চাৰিআলিৰ আমবাৰী ৷ আমবাৰীত ড্ৰাগছ বেপাৰী বিচাৰি আৰক্ষীৰ অভিযান ৷
ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বিশ্বনাথ চাৰিআলিৰ আমবাৰী ৷ আমবাৰীত ড্ৰাগছ বেপাৰী বিচাৰি আৰক্ষীৰ অভিযান ৷
ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বিশ্বনাথ চাৰিআলিৰ আমবাৰী ৷ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চোৰাংচোৱাই নিৰিক্ষণ কৰাৰ অন্তত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰক্ষীৰ লোকে সাধাৰণ পোছাকত টহল দি আছিল অঞ্চলটোত ৷ পূৰ্বৰে পৰা পোৱা তথ্যৰ ভিত্তিত পুৱাৰে পৰা খোপ পিতি থকা আৰক্ষীয়ে বিশ্বনাথ চাৰিআলিৰ আমবাৰীত ড্ৰাগছসহ এজন পেডলাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
পংকজ গুপ্তা নামৰ যুৱকজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ঘৰৰ সন্মুখতে ৰাজপথত হাতে লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ যুৱকজনৰ পৰা উদ্ধাৰ হৈছে চাৰিটা ড্ৰাগছৰ কন্টেইনাৰ ৷ ড্ৰাগছ আসক্ত যুৱকক বিক্ৰী কৰিবলৈ যোজা চলাই থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ জব্দ কৰা ড্ৰাগছখিনি হেৰ'ইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা হেৰ'ইন খিনিৰ ওজন ছয় গ্ৰাম ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা আন এজন যুৱকে আৰক্ষীক দেখা পাই পলায়ন কৰে ৷ বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অঞ্চলটোৰ আন কেইবাগৰাকীও যুৱক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে ৷ ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলা আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়ে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|