মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»আৰক্ষীয়ে মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱকে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি ! আৰক্ষীক চেলেঞ্জ কৰি ক'লে,"Covid নাই, I don't care"

আৰক্ষীয়ে মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱকে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি ! আৰক্ষীক চেলেঞ্জ কৰি ক'লে,"Covid নাই, I don't care"

News18 Assam | News18-Assam
Updated:July 9, 2021, 11:08 AM IST
আৰক্ষীয়ে মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱকে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি ! আৰক্ষীক চেলেঞ্জ কৰি ক'লে,
বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় এইজন যুৱক ৷ বিশ্বনাথ  আৰক্ষীয়ে কভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয়।

বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় এইজন যুৱক ৷ বিশ্বনাথ  আৰক্ষীয়ে কভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয়।

  • Share this:
আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি। বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় এইজন যুৱক ৷ বিশ্বনাথ  আৰক্ষীয়ে কভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয়।

ট্ৰেফিক আৰক্ষীয়ে মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাৰ লগে লগেই আৰক্ষীৰ ওপৰত জাঙুৰ খাই উঠে বামগাৱৰ  দেৱজিৎ দাস নামৰ  যুৱকজন আৰু পাকিস্তান  জিন্দাবাদ, নৰেন্দ্ৰ মোডী মূৰ্দাবাদ ধ্বনি দিবলৈ ধৰে যুৱকজনে ৷ আনকি পকেটত থকা মাস্কখনো দলিয়াই দি আৰক্ষীৰ আগত বীৰত্ব প্ৰদৰ্শন কৰে এইগৰাকী যুৱকে ৷ ক'ভিড ডিউটি কৰি আহিছো বুলি হাতত এখন কাগজ দেখুওৱা যুৱকজনে ক'ভিড নামৰ একো বস্তুৱে নাই বুলি  উল্লেখ কৰে আৰু সেই কাৰনেই মাস্ক নিপিন্ধো বুলি কয় ৷  যুৱকজনে ওলোটাই ট্ৰেফিক আৰক্ষীক চেলেঞ্জ জনাই কয় যে SP ক জনাম, DC ক জনাম i don't care ৷ আনহাতে  পাকিস্তান জিন্দাবাদ দি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কৰা দেৱজিৎক আৰক্ষীয়ে গাড়ীত বহিবলৈ কয় যদিও আৰক্ষীৰ গাড়ীত নবহো বুলি কৈ ওলোটাই আৰক্ষীক গালি গালাজ কৰে ৷ পিছত আৰক্ষীয়ে ঠেলি হেচি গাড়ীত উঠাই থানালৈ লৈ যায় যুৱকজনক ৷ ইফালে ক'ৰোণাৰ সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে বিশ্বনাথ জিলাক কন্টেইনমেন্ট জিলা হিচাবে চৰকাৰে ঘোষণা কৰিছে যদিও এনে একাংশ অসচেতন লোকে এনেদৰেই ক'ভিড বিধি উলংঘা কৰি ফুৰিছে ৷ ক'ভিড বিধি উলংঘা কৰাৰ লগতে যুৱকজনে আৰক্ষীক বেয়া ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলক আচৰিত কৰি তুলিছে ৷
Published by: Kokil Sarma
First published: July 9, 2021, 11:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি