মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »‍Bilasipara : গেং অৱ ডেভিল সোমাল গাঁতত! বাইক ষ্টানাৰ গেঙক বিচাৰি আৰক্ষীৰ অভিযান

‍Bilasipara : গেং অৱ ডেভিল সোমাল গাঁতত! বাইক ষ্টানাৰ গেঙক বিচাৰি আৰক্ষীৰ অভিযান

নিবাৰে দুৰ্ঘটনা সংঘটিত কৰা বাইক ষ্টানাৰ দলটোৱে ভিডিঅ'যোগে নিজৰ পৈশাচিক বীৰত্ব প্ৰকাশ কৰিছিল

নিবাৰে দুৰ্ঘটনা সংঘটিত কৰা বাইক ষ্টানাৰ দলটোৱে ভিডিঅ'যোগে নিজৰ পৈশাচিক বীৰত্ব প্ৰকাশ কৰিছিল

নিবাৰে দুৰ্ঘটনা সংঘটিত কৰা বাইক ষ্টানাৰ দলটোৱে ভিডিঅ'যোগে নিজৰ পৈশাচিক বীৰত্ব প্ৰকাশ কৰিছিল

  • Share this:

বাইক ষ্টাণ্ট কৰি বৃ্দ্ধাক মৃত্যুমুখত পেলোৱা গেং অৱ ডেভিলৰ সন্ধানত আৰক্ষী। গেঙৰ সদস্যক দুৰ্ঘটনাৰ পিছতে কৰায়ত্ত কৰে যদিও আইনী প্ৰক্ৰিয়াৰে এৰি দিছিল আৰক্ষীয়ে। কিন্তু গেং অৱ ডেভিলৰ ভিডিঅ'ই এই দুৰ্ঘটনাক হত্যাকাণ্ডৰ পৰ্যায়ত বিচাৰ কৰাৰ অৱকাশ দিয়াত এতিয়া পুনৰ সন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ইতিমধ্যে গেংটোৰ তিনিখন বাইক জব্দ কৰিছে আৰু পৰিয়ালৰ সদস্যক সোধা-পোছা কৰিছে।


এইক্ষেত্ৰত আজি আৰক্ষী থানাত উপস্থিত হয় আই জি পি দিলীপ কুমাৰ দে'। দে'ই উল্লেখ কৰে যে অচিৰেই আৰক্ষীৰ জালত পৰিব অপৰাধী। তেওঁ এই সন্দৰ্ভত আৰক্ষী থানাৰ বিষয়াৰ পৰা সবিশেষ পৰিস্থিতিৰ বুজ লয় আৰু ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিয়ে।


উল্লেখ্য, শনিবাৰে দুৰ্ঘটনা সংঘটিত কৰা বাইক ষ্টানাৰ দলটোৱে ভিডিঅ'যোগে নিজৰ পৈশাচিক বীৰত্ব প্ৰকাশ কৰাৰ লগতে মানুহ মৰা কথাটোক লৈ কোনো অনুশোচনা কৰাৰ পৰিৱৰ্তে গৰ্বিত হৈছিল। এই ভিডিঅ'ই ৰাজ্যৰ লগতে দেশজুৰি চৰ্চা লাভ কৰে।

শেহতীয়া বাতৰি