
Bike Thief Arrested: ধৃত ইদ্ৰিছ আলিৰ পৰা AS-12-AB-6608 নম্বৰৰ এখন চুৰি হোণ্ডা বাইক উদ্ধাৰ কৰে৷
Bike Thief Arrested: ধৃত ইদ্ৰিছ আলিৰ পৰা AS-12-AB-6608 নম্বৰৰ এখন চুৰি হোণ্ডা বাইক উদ্ধাৰ কৰে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতি-অনিয়ম, ড্ৰাগছ আৰু অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে শূন্য সহনশীলতা স্থিতি গ্ৰহণ কৰাৰ পিছতেই প্ৰান্তে প্ৰান্তে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে৷ শোণিতপুৰৰ জিলাতো আৰক্ষী প্ৰশাসন ড্ৰাগছ, চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান ক্ষিপ্ৰ কৰি তুলিছে৷
ইয়াৰ মাজতে ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলায় কেহেৰুখন্দা পথাৰ গাওঁৰ পৰা ইদ্ৰিছ আলী নামৰ এটা গভাইত মটৰ চাইকেল চোৰক গ্ৰেপ্তাৰ কৰে৷ ধৃত ইদ্ৰিছ আলিৰ পৰা AS-12-AB-6608 নম্বৰৰ এখন চুৰি হোণ্ডা বাইক উদ্ধাৰ কৰে৷ ইতিমধ্যে এই সন্দৰ্ভত গোচৰ নং ৫৭/২২ত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৯/৪১১ত গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ চুৰি চক্ৰৰ বিৰুদ্ধে অনাগত দিনত অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|