নগাঁও আৰক্ষীৰ চৰম অকৰ্মণ্যতাৰ বাবেই পুনৰ অপৰাধীৰ ভূ-স্বৰ্গলৈ পৰিণত হৈছে জিলাখন। জিলাখনৰ বিভিন্ন ঠাইত ব্যাপক অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱাক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে দিন-দুপৰতে এগৰাকী শিক্ষকৰ বাইক চুৰি হোৱা ঘটনাই নগাঁও আৰক্ষীৰ প্ৰকৃত স্বৰূপটোক পুনৰ উদঙাই দেখুৱাইছে।
জানিব পৰা মতে হাফিজুৰ ৰহমান নামৰ এগৰাকী শিক্ষকে আজি দিনৰ প্ৰায় ১২ বজাত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত AS-02-L-5561 নম্বৰৰ নিজৰ হিৰো ছুপাৰ স্প্লেণ্ডাৰ বাইকখন ৰখাই জিলা কোষাগাৰলৈ যায়। পিছে কোষাগাৰৰ পৰা ঘূৰি আহি তেঁওৰ বাইকখন নেদেখি চিঞৰ-বাখৰ কৰাত সেই ঠাইত স্থানীয় লোক সমবেত হয়।ভূক্তভোগী শিক্ষক হাফিজুৰ ৰহমানে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কয়, "আনঠাইত ৰাখিলে বাইক খন চুৰি হোৱাৰ ভয়তs এছপি অফিচৰ সন্মুখত বাইকখন থৈছিলো। পিছে ইয়াতো আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। গতিকে আনঠাইত জনসাধাৰণক আৰক্ষীয়ে কি নিৰাপত্তা প্ৰদান কৰিব সেয়া ৰাইজে বুজি পাইছে। নগাঁৱত এতিয়া সাধাৰণ ৰাইজৰ নিৰাপত্তা নাই।"
উল্লেখযোগ্য যে, হাফিজুৰ ৰহমানৰ দুচকীয়া বাহনখন চুৰি হোৱাৰ সময়ত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে কাৰ্যালয়ত থকাৰ উপৰিও কাৰ্যালয়ৰ সন্মুখত আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষীয়ে কৰ্তব্য পালন কৰি আছিল। নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দিন-দুপৰতে সংঘটিত এই ঘটনাই অপৰাধ নিয়ন্ত্ৰনত নগাঁও আৰক্ষীৰ ব্যৰ্থতাক পুনৰ উদঙাই দেখুৱাইছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 05, 2022, 19:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।