உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Bihar's Fraud Gang in Assam : বিহাৰৰ যুৱকে প্ৰৱঞ্চনাৰ জাল পাতিছে অসমত, সোণৰ অলংকাৰ পৰিষ্কাৰৰ নামত ঠগে মহিলাক

    Bihar's Fraud Gang in Assam : বিহাৰৰ যুৱকে প্ৰৱঞ্চনাৰ জাল পাতিছে অসমত, সোণৰ অলংকাৰ পৰিষ্কাৰৰ নামত ঠগে মহিলাক

    Bihar's Fraud Gang in Assam : অসমত প্ৰৱঞ্চনাৰ জাল পতা বিহাৰৰ চাৰি প্ৰৱঞ্চক ডবকাৰ আক্ষীৰ জালত ৷

    Bihar's Fraud Gang in Assam : অসমত প্ৰৱঞ্চনাৰ জাল পতা বিহাৰৰ চাৰি প্ৰৱঞ্চক ডবকাৰ আক্ষীৰ জালত ৷

    Bihar's Fraud Gang in Assam : অসমত প্ৰৱঞ্চনাৰ জাল পতা বিহাৰৰ চাৰি প্ৰৱঞ্চক ডবকাৰ আক্ষীৰ জালত ৷

    • Share this:
    ৰাজ্যত অব্যাহত আছে বহিৰাগত প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ (Fraud) জাল ৷ আজি হোজাই জিলাৰ ডবকা আৰক্ষীয়ে বিহাৰৰ চাৰি প্ৰৱঞ্চকক আটক (Bihar Fraud Gang) কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডবকা থানাৰ অন্তৰ্গত চাংমাজিৰ  আব্দুল লতিফ নামৰ লোকজনৰ ঘৰত আজি দিনৰ ভাগত চাৰিজনীয়া এটি যুৱকৰ দলে সোণৰ আ-অলংকাৰ চাফা কাৰৰ কথা কৈ প্ৰৱেশ কৰে ৷ পিছত ঘৰৰ লোকসকলৰ সন্দেহ হোৱাত চাৰি প্ৰৱঞ্চকক সোধা-পোছা কৰাত বিহাৰৰ পৰা অহা বুলি কয়। লগে লগে ৰাইজে ডবকা থানাত খবৰ দিয়ে ৷

    ৰাইজৰ অভিযোগ পুৰ্বেও সোণ চাফা কৰাৰ কথা কৈ প্ৰকৃত সোণ চুৰ কৰি নকল সোণ (Fake Gold) দি গৈছিল এই চক্ৰটোৱে ৷ সেই লোভ এৰিব নোৱাৰি পুনৰ সোণৰ আ-অলংকাৰ চাফা কৰিবলৈ গাঁওখনত প্ৰবেশ কৰিছিল চাৰি প্ৰবঞ্চকে ৷ ডবকা থানাৰ আৰক্ষী চাংমাজিত উপস্থিত হৈ চাৰি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

    আৰক্ষী সুত্ৰে সদৰি কৰা মতে, আটক কৰা চাৰি  প্ৰৱঞ্চক ক্ৰমে - বিহাৰ (Bihar)ৰ শিৱানী বজাৰৰ  উমেশ শ্বাহ , ৰাজ মণ্ডলৰ শিৱজী শ্বাহ, পদুমকীয়া গাঁৱৰ সুনিল কুমাৰ চনি আৰু শ্বিচানি বজাৰৰ যোগেন্দ্ৰ শ্বাহ ৷ অভিযোগ মতে দীৰ্ঘ দিনৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত এই প্ৰৱঞ্চক কেইটাই জাল পেলাই মহিলাৰ সোণৰ অলংকাৰ লুট কৰি নিছিল ৷ বিগত দিনতো সোণৰ আ-অলংকাৰ চাফা কৰাৰ চলনাৰে ঘৰত প্ৰৱেশ কৰি প্ৰকৃত সোণ লৈ পলায়ন কৰিছিল প্ৰবঞ্চকৰ দলটোৱে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ঘটনা সন্দৰ্ভত ডবকা থানাৰ আৰক্ষী বিষয়া অমৃত সিঙে তদন্ত আৰম্ভ কৰিছে ৷
    Published by:Manjumoni Borah
    First published: