• Home
  • »
  • News
  • »
  • crime
  • »
  • BIEOৰ জালত চাৰিটা মহা প্ৰৱঞ্চক, ভূমি বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰে লুট ১.৫ কোটি টকা

BIEOৰ জালত চাৰিটা মহা প্ৰৱঞ্চক, ভূমি বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰে লুট ১.৫ কোটি টকা

BIEOৰ অভিযানত অৱশেষত জালত পৰিল দীৰ্ঘদিন ধৰি উজনি অসমত প্ৰৱঞ্চনা চলাই অহা প্ৰৱঞ্চকৰ দলটোৰ সদস্য ক্ৰমে বিকাশ বৰগোহাঁই, ৰিংকুমণি বৰা, ৰজনী গগৈ আৰু দিবাকৰ বৰা ৷

  • Share this:
অৰ্থনৈতিক অপৰাধ তদন্তকাৰী সংস্থা চমুকৈ BIEOৰ তদন্তত পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ ৷ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ এটা প্ৰৱঞ্চক চক্ৰই শিৱসাগৰত কাৰ্যালয় খুলি উজনি অসমত পেলাইছিল এক ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল ৷

ঘটনা অনুসৰি ২০০৯ চনতে শিৱসাগৰত প্ৰৱঞ্চক দলটোৱে Response Real Estate নামৰ এটা কাৰ্যালয় খুলি ভূমি ক্ৰয় কৰিব বিচৰা লোকৰ পৰা লুটি আহিছিল লাখে লাখে টকা ৷ শিৱসাগৰ যোৰাহাট, ডিব্ৰুড়,  লখিমপুৰকে ধৰি উজনি অসমৰ বিভিন্ন লোকৰ পৰা ধন সৰকাই আহিছিল এই প্ৰৱঞ্চক চক্ৰটোৱে ৷ কিন্তু ভূক্তভোগীক বিভিন্ন ভয় ভাবুকিৰে   প্ৰৱঞ্চক চক্ৰটোৱে আৰক্ষীৰ কাষ চাপিবলৈ দিয়া নাছিল যদিও BIEO ২০২০ চনত নিজাববীয়াকৈ ১৯/২০ নং গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত ৷

BIEOৰ অভিযানত অৱশেষত জালত পৰিল দীৰ্ঘদিন ধৰি উজনি অসমত প্ৰৱঞ্চনা চলাই অহা প্ৰৱঞ্চকৰ দলটোৰ সদস্য ক্ৰমে বিকাশ বৰগোহাঁই, ৰিংকুমণি বৰা, ৰজনী গগৈ আৰু দিবাকৰ বৰা ৷ এতিয়াও পলাতক প্ৰৱঞ্চনাৰ  মাষ্টাৰ মাইণ্ড তথা কাৰ্যালয়টোৰ MD  জ্যোতি গগৈ ৷সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷ অতি সোনকালে আৰক্ষীৰ জালত পৰিব সমগ্ৰ প্ৰৱঞ্চনা চক্ৰটোৰ মাষ্টাৰমাইণ্ড জ্যোতি গগৈ ৷
Published by:Manjumoni Borah
First published: