உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মহানগৰীত মাৰাত্মক ড্ৰাগছৰ বেহা ! এইবাৰ বিৰুবাৰীত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ স্বামী-স্ত্ৰী ...

    মহানগৰীত মাৰাত্মক ড্ৰাগছৰ বেহা ! এইবাৰ বিৰুবাৰীত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ স্বামী-স্ত্ৰী ...

    এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি বিয়লি ভৰলুমুখ আৰক্ষীয়ে বিৰুবাৰী মছজিদ গলিৰ পৰা ড্ৰাগছসহ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক। আটকাধীন স্বামী জিন্টু দাস আৰু তেওঁৰ পত্নী।

    • Share this:
    মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ ৰণচালি। গুৱাহাটী মহানগৰীৰ বিৰুবাৰী অঞ্চলত চলিল আৰক্ষীৰ অভিযান। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি বিয়লি ভৰলুমুখ আৰক্ষীয়ে বিৰুবাৰী মছজিদ গলিৰ পৰা ড্ৰাগছসহ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী স্বামী-স্ত্ৰীক। আটকাধীন স্বামী জিন্টু দাস আৰু তেওঁৰ পত্নী।

    অভিযোগ অনুসৰি এই স্বামী- স্ত্ৰীয়ে দীৰ্ঘদিন ধৰি মহানগৰীত চলাই আহিছিল মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা। অভিযানকালত আৰক্ষীয়ে দুয়োৰে পৰা জব্দ কৰিছে প্ৰায় ২০ গ্ৰামৰ ১৭টা ড্ৰাগছভৰ্তি কন্টেইনাৰ, চাৰিটা মোবাইল ফোন, এখন স্কুটি। লগতে জব্দ কৰিছে এডাল সোণৰ চেইন, নগদ ১২ হাজাৰসহ আন সা-সামগ্ৰী। দুয়োৰে বিৰুদ্ধে NDPS আইনৰ অধীনত ভৰলুমুখ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
    উল্লেখ্য যে, আৰক্ষীয়ে আটকাধীন স্বামী- স্ত্ৰীক ড্ৰাগছ সৰবৰাহৰ লগতে আন অপৰাধৰ লগতো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীৰ সঠিক তদন্ততহে সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।
    Published by:Kokil Sarma
    First published: